অসম

সাধাৰণ মানুহ মৰিলেও চিন্তা নকৰে বিদ্যুৎ বিভাগ! খবৰ পাইও নাকাটিলে কাৰেন্ট, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু শিশুৰ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ ঢাকাইবস্তিত বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু এজন কিশোৰৰ। মৃত্যু হোৱা কিশোৰ জন ঢাকাইবস্তিৰ আনিজুল হকৰ পুত্ৰ ৱাহিদুৰ ৰহমান। পুৱা ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহোতেই সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো। ধিং বিদ্যুত উপ সংমণ্ডলৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবেই কনমাণি শিশু গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ইপিনে শুকুৰবাৰে নিশা ৰাজপথত বিদ্যুৎ পৰিবাহী তাৰ ছিগি পৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি তাৎক্ষণিক ভাৱে বিদ্যুৎ কর্তন কৰিবলৈ ফোন যোগে জনাইছিল ধিং বিদ্যুত উপ সংমণ্ডলৰ কাৰ্যালয়ত। কিন্তু বিদ্যুৎ বিভাগৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীয়ে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই শনিবাৰে পুৱা এই কিশোৰ জনে অকাল মৃত্যুক আঁকোৱালি লবলগীয়া হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত্যু হোৱা কিশোৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্রেৰণ কৰি আৰম্ভ কৰিছে তদন্ত।