অসম

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ জুৰীয়া খণ্ডৰ উদ্যোগত আলিটাঙনীত বিজ্ঞান সমাৰোহ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অৰ্থ সাহাৰ্যত পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ জুৰীয়া খণ্ডৰ উদ্যোগত আৰু অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান মানৱ বিকাশ চ'ছাইটিৰ সহযোগত প্ৰতিবছৰৰ দৰে এইবাৰো দিনজোৰা কাৰ্যসূচীৰে বিজ্ঞান সমাৰোহ-২০২২ অনুষ্ঠিত হয়। বটদ্ৰৱাৰ সমীপৱৰ্তী আলিটাঙনী আদৰ্শ জাতীয় বিদ্যালয়ত আজি অনুষ্ঠিত বিজ্ঞান সমাৰোহ উপলক্ষে পুৱা ১০ বজাত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল বাৰেকে।

কাৰ্যসূচী অনুসৰি বিদ্যালয় চৌহদত গছ পুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্থানীয় সমাজকৰ্মী আবু বক্কৰ ছিদ্দিকে। পিছত খণ্ড ভিত্তিক অনুষ্ঠিত বিজ্ঞান ভিত্তিত ছবি অঁকা প্ৰতিযোগিতা খনি পৰিচালনা কৰে দিব্যজ্যোতি বৰুৱাই। প্ৰতিযোগিতাত ছামিয়ানুৰ হুদাই প্ৰথম স্থান, মুছতাফিজা খানমে দ্বিতীয় আৰু ওৱাহিদা খাতুনে তৃতীয় স্থান লাভ কৰে। বিজ্ঞানৰ ধাৰণা প্ৰতিযোগিতাত ঈৰ্শাদ জাকিয়া নাফিছা প্ৰথম, মিফতাহুল জান্নাতে দ্বিতীয় আৰু জেৰিফা বেগমে তৃতীয় স্থান লাভ কৰে।

আকস্মিক বক্তৃতা প্ৰতিযোগিতাত উম্মে হানি প্ৰথম, ছানিয়া ফেৰদৌছ দ্বিতীয় আৰু ছাবিৰ আহমেদে তৃতীয় স্থান লাভ কৰে। উক্ত প্ৰতিযোগিতাত বিশেষ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয় প্ৰথম শ্ৰেণীৰ ছাত্ৰী আলিয়া ছিদ্দিকাক। আনহাতে, বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাত ৰিফান নানজিবা প্ৰথম, আছিকুুছ জামানৰ দলে দ্বিতীয় আৰু ৰাইহান বাবুয়ে তৃতীয় স্থান লাভ কৰি জিলা ভিত্তিত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ যোগ্যতা লাভ কৰে।

আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বত আছিল চিলঙনী কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড০ দীনেশ হাজৰিকা আৰু বিজ্ঞানী তথা জুৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মোস্তাক আলবিন আহমেদ। প্ৰতিযোগিতা সমুহত জুৰীয়া খণ্ড এলেকাৰ কেবাখনো বিদ্যালয়ে অংশগ্ৰহণ কৰে। তদুপক্ষে বিয়লি অনুষ্ঠিত বঁটা বিতৰণী আৰু মুকলি সভাত উপস্থিত থাকে বিজ্ঞানী ড০ দীনেশ হাজৰিকা, এ কে ফজলুল হক, আব্দুল আলী, ৰুহুল আমিন, আলিটাঙনী হাইস্কুলৰ প্ৰধান শিক্ষক আবুল বাছাৰ মামুদ, বটদ্ৰৱা মহাবিদ্যালয়ৰ অধ্যাপক শ্বৰিফুল ইছলাম, আলিটাঙনী মাৰ্কাজ একাডেমীৰ অধ্যক্ষ ইফতিকাৰ হাচান, বিজ্ঞান কেন্দ্ৰটোৰ সহকাৰী সমন্বয়ক মাজিদুল ইছলাম আদিকে ধৰি বহু কেইগৰাকী ব্যক্তি। কোভিড বিধি অনুসৰি অনুষ্ঠিত অনুষ্ঠানটো সামগ্ৰিক ভাবে আঁত ধৰে বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক নাজিম উদ্দিন আহমেদ আৰু নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবূু ছাদিক কবিৰে।