অসম

সীমান্ত এলেকাত দুৰ্বৃত্ত অহাৰ আগতীয়া সংকেত দিব পৰা যন্ত্ৰৰ আৰ্হি প্ৰস্তুত কৰি জুৰীয়াৰ দুগৰাকী ছাত্ৰৰ চমক…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ দগাঁৱৰ দুগৰাকী ছাত্ৰ‌ই সীমান্ত এলেকাদি অবৈধ ভাবে গাড়ী পাৰ হ'ব বিচৰা কাৰ্যৰ আগতীয়া সংকেত দিব পৰা এক যন্ত্ৰৰ আৰ্হি প্ৰস্তুত কৰি চমক সৃষ্টি কৰিছে। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জুৰীয়া খণ্ডৰ উদ্যোগত অনুষ্ঠিত বিজ্ঞান সমাৰোহ উপলক্ষে বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাত দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্র গৌৰৱ শ‌ইকীয়া আৰু ছাদুদ জাবিৰৰ দলে প্ৰস্তুত কৰা আৰ্হিয়ে প্ৰথম স্থান দখল কৰে।

ছাত্ৰ দুগৰাকীয়ে বিশেষকৈ ভাৰত-বাংলাদেশ আৰু ভাৰত-চীন সীমান্ত এলেকাত ৰাষ্ট্ৰদ্ৰোহী লোকে যাতে সীমান্ত সুৰক্ষা বাহিনীৰ লোকক আক্ৰমণ কৰিব নোৱাৰে তাক বাধা দিয়াৰ বাবেই "ভাৰতীয় সেনাৰ বাবে সুৰক্ষিত পথ যাতায়ত ব্যৱস্থা" নামৰ এই যন্ত্ৰবিদৰ আৰ্হি প্ৰস্তুত কৰি এক অন্যতম নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়। খণ্ড ভিত্তিত অনুষ্ঠিত বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাত ৰিজুৱানা আক্তাৰৰ দলে দ্বিতীয় আৰু গুণাংক বৰাৰ দলে তৃতীয় স্থান লাভ কৰে।

আনহাতে, জুৰীয়া খণ্ড এলেকাৰ একাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতাত গৌৰৱ শ‌ইকীয়া প্ৰথম, ৰশ্মি আক্তাৰ দ্বিতীয় আৰু ছোহাইল মোস্তাকিমে তৃতীয় স্থান লাভ কৰে। আনহাতে, ছবি অঁকা প্ৰতিযোগিতাত ৰিয়াজ।উদ্দিনে প্ৰথম, তাচকিয়া আহমেদে দ্বিতীয় আৰু দৰ্শনজিতা শ‌ইকীয়াই তৃতীয় স্থান লাভ কৰে। আইডিয়া(idea) প্ৰতিযোগিতাত ইৰ্শাদ জাকিয়া নাচিফাই প্ৰথম, মুছফিক আহমেদ দ্বিতীয় আৰু ইস্তিয়া আহমেদে তৃতীয় স্থান লাভ কৰে।

শনিবাৰে দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত বিজ্ঞান সমাৰোহৰ উপলক্ষে দুপৰীয়া অনুষ্ঠিত মুকলি সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সৰকাৰ গিয়াছ উদ্দিন আহমেদে সভাপতিত্ব কৰে। নেহৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি আবু ছাদিক কবিৰে আঁত ধৰা সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়, ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিটো বিষয় বৈজ্ঞানিক দৃষ্টিভংগীৰে চোৱাৰ মানসিকতা গঢ়িব লাগে। কাৰণ বিজ্ঞান মানসিকতাই মানুহক সকলোৱে দিশত ভাল হ'বলৈ শিকাই। বিজ্ঞানে অনুসুন্ধিতু মনৰ বিকাশ ঘটাই বুলি মন্তব্য কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক কঠোৰ অধ্যায় আৰু অধ্যৱসায়ৰ জৰিয়তে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

চিলঙনী কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড: দীনেশ হাজৰিকা, নগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীমন্ত হালৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল আলী, দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আহমদ আলী, চিত্ৰশিল্পী তথা সাংবাদিক দিব্যজ্যোতি বৰুৱা আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পিছত অনুষ্ঠিত ব‍‌টা বিতৰণী সভাখন আঁত ধৰে বিজ্ঞান কেন্দ্ৰৰ সহকাৰী সমন্বয়ক মাজিদুল ইছলামে। উল্লেখ্য যে চাৰিখন প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় বিজয়ী মুঠ আঠগৰাকী প্ৰতিযোগী জিলা পৰ্যায়ত অহা ১১ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা জিলা ভিত্তিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ যোগ্যতা লাভ কৰা বুলি বিজ্ঞান কেন্দ্ৰৰ খণ্ড সমন্বয়ক নাজিম উদ্দিন আহমেদে জনাইছে।