অসম

নগাঁৱৰ চমুৱা গাঁও তিনিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত এজন…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ চমুৱা গাঁও তিনিআলিত শনিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰিগাঁৱৰ পৰা নগাঁও অভিমুখে অহা এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে মহতিয়াই থৈ যায় দুজন লোকক। লোক দুজন বটদ্ৰৱা সমষ্টিৰ খালৈ গাঁৱৰ টিকু মনি ডেকা আৰু দেৱজিৎ ডেকা।

ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ লোক দুজনক সংকটজনক অৱস্থাত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ভাগ্যজনক ভাৱে নগাাঁৱলৈ নি থকা অৱস্থাত টিকু মনি ডেকাৰ মৃত্যু হয়। বাহন খনে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ তদন্ত অব্যাহত ৰাখিছে।