অসম

বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্ৰীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত, আহত কেইবাগৰাকী…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বটদ্ৰৱা দৌল মন্দিৰ সংযোগী পথত দেওবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী মতে, বটদ্ৰৱাৰ থানলৈ তীৰ্থ দৰ্শন কৰাৰ বাবে অহা এটা তীৰ্থযাত্রীৰ দল দুৰ্ঘটনাত পতিত হয়। নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত নমাটি গাঁৱৰ পৰা অহা AS 14C 1911 নং উইংগাৰ গাড়ী খন দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাত পতিত উইংগাৰ খনৰ বহু কেইজন যাত্ৰী গুৰুতৰভাৱে ভাৱে হয় আঘাতপ্ৰাপ্ত। এই আঘাতপ্ৰাপ্ত ব্যক্তি সকল ক্ৰমে ভূপেন পাঠক, বিমলা কলিতা, চম্পা বৰ্মণ,পূৰবী তামুলী, ৰাজদ্বীপ তামুলী আৰু পম্পী কলিতা।