অসম

নগাঁও-বটদ্ৰৱা সংযোগী পথৰ ৰজাআলিত ভয়ংকৰ দুৰ্ঘটনাঃ টেম্প’ আৰু ইয়নৰ মুখামুখি সংঘৰ্ষত আহত ৫ জন

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানি পথত ৰজাআলিত মঙলবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। টেম্প আৰু ইয়নৰ মুখামুখি সংঘৰ্ষত পাঁচ জনকৈ লোক গুৰুত্বৰ ভাবে আহত হয়৷

ঘটনাৰ বিবৰণী মতে, বটদ্ৰৱাৰ দিশৰ পৰা নগাঁৱলৈ তীব্ৰ গতিৰে গৈ থকা এএছ-০২-বিচি-১৮৭৩ (AS 02 BC 1873) নম্বৰৰ টেম্প খনে নগাঁৱৰ পৰা ৰাইডঙীয়াৰ দিশে আহি থকা এএছ-০২-এইচ-৯৬৯২ (AS 02 H 9692) নম্বৰৰ হোণ্ডাই ইয়ন খনক প্ৰচণ্ড জোৰেৰে খুণ্ডা মাৰে। ফলত টেম্প খনত থকা প্ৰায় ৪ জন আৰু ইয়নত থকা এজন যাত্ৰী গুৰুত্বৰ ভাবে আহত হয়।

লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত আহত সকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। আহত সকল দক্ষিন কলাডুবা গাঁৱৰ ক্ৰমে আমিৰ হুছেইন, চাহাৰা খাতুন, বিল্লাল হুছেইন, চাবিয়া নাচৰিন আৰু ৰাইডঙীয়াৰ শ্যাম হাজৰিকা। ঘটনাস্থলীত পলমকৈ জাজৰি আৰক্ষী উপস্থিত হৈ টেম্প আৰু ইয়ন খন উদ্ধাৰ কৰে।