অসম

আমছুৰ সহযোগত বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা আৰক্ষীয়ে সোমবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই। আৰক্ষীৰ অভিযানত নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী কদমনিৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইনক আটক কৰে। কদমনি বজাৰত থকা পান দোকানত এইজন ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইনে দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল।

সোমবাৰে নিশা গোপন খবৰৰ ভিত্তিত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ স্থানীয় কৰ্মীৰ সহযোগত বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই কদমনিৰ পৰা নিষিদ্ধ ড্ৰাগছ, বিলাতী সুৰা সহ আমিৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয় যদিওঁ আন এজন ড্ৰাগছ সৰবৰাহকাৰী আমিৰ হুছেইনৰ সহযোগী ছিদ্দিক আলীয়ে পলায়ন কৰে। বৰ্তমান ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক বটদ্ৰৱা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।