অসম

ভগ্নীৰ নিথৰ মৃতদেহ দেখি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আন এগৰাকী ভগ্নীৰ মৃত্যু, বটদ্ৰৱাত শোকৰ ছাঁ

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ কেৰিমেৰি আৰু আমলখি গাঁৱত শুকুৰবাৰে নিজ ভগ্নীৰ নিথৰ মৃতদেহ দেখি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আন এগৰাকী ভগ্নীৰ মৃত্যু হোৱা এক দুখজনক ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত তথ্য মতে, বটদ্ৰৱাৰ সমীপৱৰ্তী কেৰিমেৰি গাঁও নিবাসী আবু বক্কৰ ছিদ্দিক নামৰ ব্যক্তিজনৰ পত্নী তথা ধৰ্মপ্ৰাণ মহিলা ছুফিয়া খাতুন(৬১)ৰ শুকুৰবাৰে পুৱতি নিশা বাধক্য জনিত কাৰণত নিজ বাসগৃহত মৃত্যু হয়।

ছুফিয়া খাতুনৰ মৃত্যুৰ খবৰ লাভ কৰি বটদ্ৰৱাৰ আমলখি গাঁও নিবাসী সাজাহান আলীৰ পত্নী তথা ছুফিয়া খাতুনৰ ভগ্নী ৰহিমা খাতুন(৫৫) খবৰ লবলৈ আহি মৃতদেহৰ ওচৰত ঢলি পৰে। লগে-লগে মহিলা গৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও ভগ্নীৰ মৃত্যুত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলতেই মৃত্যু মুখত পৰে বুলি চিকিৎসকে ঘোষণা কৰে।

একেদিনাই দুগৰাকী ভগ্নীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত কেৰিমেৰীৰ ছুফিয়া খাতুনে স্বামী, একমাত্ৰ পুত্ৰ, তিনি গৰাকী জীয়ৰীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। আনহাতে আমলখিৰ ৰহিমা খাতুনে স্বামী, দুজন পুত্ৰ, চাৰি গৰাকী জীয়ৰীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।