batadrava meeting
batadrava meeting 
অসম

বটদ্ৰৱা থানৰ সম্পাদকৰ বিৰুদ্ধে প্ৰণামীৰ লাখ লাখ টকা আত্মসাৎৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : চূড়ান্ত আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হৈ পৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতি। এইবাৰ খোদ সম্পাদকৰ বিৰুদ্ধে চৰকাৰী ভূমি বেদখল আৰু লাখ লাখ টকা আত্মসাৎৰ অভিযোগ তুলিলে একাংশ সদস্যই।

বিগত কেইবামাহ ধৰি আভ্যন্তৰীণ অভিযোগ, প্ৰতিঅভিযোগেৰে জৰ্জৰিত হৈ পৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতি। শুকুৰবাৰে সংবাদমেল অনুষ্ঠিত কৰি সাধাৰণ সম্পাদক আৰু একাংশ সদস্যৰ বিৰুদ্ধে ধন আত্মসাৎ আৰু চৰকাৰী ভূূমি বেদখল কৰাৰ গুৰুত্বৰ অভিযোগ আনিলে আন একাংশ সদস্যই।

উল্লেখ্য যে, যোৱা ২১ ছেপ্টেম্বৰত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সংবাদমেল পাতি পাঁচ গৰাকী সদস্যক নিলম্বন কৰিছিল। সেই নিলম্বিত সদস্য সকলে শুকুৰবাৰে পৰিচালনা সমিতিত চলি থকা বিত্তীয় অনিয়মৰ বিৰুদ্ধে মাত মতাৰ বাবে তেওঁলোকক অনিয়মেৰে সংবিধান বৰ্হিভূতভাবে নিলম্বন কৰা বুলি জানিবলৈ দিয়াৰ লগতে সম্পাদকে বটদ্ৰৱা থানৰ প্ৰণামী বাকচৰ প্ৰয় ৭০ লাখ টকা বিত্তীয় অনিয়ম কৰা বুলি অভিযোগ উত্থাপন কৰে।

যি সময়ত অসম চৰকাৰে বটদ্ৰৱা থানৰ ভূমি বেদখল মুক্ত কৰি থান খনিক পৰ্যটনৰ আকৰ্ষণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে সেই সময়তে উলোটাই পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকে বটদ্ৰৱাৰ চৰকাৰী ভূমি বেদখল কৰিছে বুলি অভিযোগ কৰে। ইফালে সংবাদমেলত পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই কাৰ্যকৰী সভাৰ অনুমোদন নোলোৱাকৈ নিজাববীয়াকৈ সদস্য নিযুক্তি দিয়ে।

কল্যাণ কলিতা, প্ৰশান্ত ভৰালী, বিপিন বৰাকে আদি কৰি কেইবাগৰাকী সদস্যই কাৰ্যকৰী সভাতে সদস্য প্ৰভাত বৰাক অসভ্য আচৰণ কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়া, বিগত মাৰ্চ মাহতে অনুষ্ঠিত হোৱা দৌল উৎসৱৰ ১৭ লাখ টকাৰ হিচাব সম্পাদকে আজিলৈকে নিদিয়া, সদস্য পদুম কলিতাই নিৰ্মাণ কাৰ্যৰ বাবে লোৱা লাখ লাখ টকা আত্মসাৎ কৰা আদি বিভিন্ন অভিযোগ তুলিলে।

সদস্য তুৱাৰাম বৰুৱা, মহেন্দ্ৰ বৰুৱা, পৰাণ বৰুৱা, মনেশ্বৰ কলিতা আৰু প্ৰভাত বৰাৰ লগতে স্থানীয় কেইবাগৰাকী লোকৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত বটদ্ৰৱা থানত চৰকাৰৰ হস্তক্ষেপ দাবী কৰি চৰকাৰী তদন্তৰ আহ্বান জনায়।

ইফালে স্থানীয় সচেতন ৰাইজে সাংবাদিকক জানিবলৈ দিয়া মতে, বিগত কেইটামান বছৰত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে বটদ্ৰৱাৰ মৌলিক চহকী সংস্কৃতিৰ উত্তৰণৰ বিপৰীতে বস্তুবাদী চিন্তাৰে অকল নিৰ্মাণ কাৰ্য, মেলামুখী গতিৰে আগবাঢ়িছে।

পৰিচালনা সমিতিখনত ভকত বৈষ্ণৱ, শিল্পী সাহিত্যিকৰ পৰিৱৰ্তে ৰাজনৈতিক ব্যক্তি, ব্যৱসায়ী, ঠিকাদাৰ প্ৰভাৱ বিস্তাৰ হোৱাৰ বাবে এনে হোৱা বুলি ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী তুলিলে।