অসম

বাটমাৰীত আমছুৰ উদ্যোগত অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে সজাগতা সভা…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত বুধবাৰে ধিং সমষ্টিৰ বাটমাৰীত নৱগঠিত বলিকটীয়া আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান আৰু মদ, ভাং, ড্ৰাগছ, জুৱা, বাল্য বিবাহ ,শিশু শ্ৰমিক তথা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় ।

সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰ, সহ :সম্পাদক মিন্নাতুল ইছলাম, আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিম, সম্পাদকদ্বয় আব্দুল নুৰ, আশ্ৰাফুল হুছেইন উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।

অঞ্চলটোৰ প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিমে নৱ গঠিত বলিকটীয়া আঞ্চলিক সমিতিৰ বিষয় ববীয়াক সংগঠনৰ শপত বাক্য পাঠ কৰোৱাই