অসম

শাওন আৰু ভাদৰ সংক্ৰান্তিত হৰি নামৰ অমল ধ্বনিত মুখৰিত বটদ্ৰৱা থান..VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেওবাৰে শাওন আৰু ভাদৰ সংক্ৰান্তি ৷ হৰি নামৰ অমল ধ্বনিত মুখৰিত হৈ পৰিছে বটদ্ৰৱা থান। ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত বৈষ্ণব আগমন ঘটিছে থানলৈ। দেওবাৰৰে পৰা পৰম্পৰাগত ওঠৰ প্রসঙ্গৰে হৰি নাম কীৰ্ত্তন চলিব বটদ্ৰৱা থানত।

সেই বাবেই বটদ্ৰৱাৰ ভকত বৈষ্ণৱৰ যেন ব্যস্ততাৰ অন্ত নাই। আজি থানৰ কীৰ্তনঘৰত সংক্ৰান্তি উপলক্ষে পুৱা আইসকলে নাম কীৰ্তন কৰাৰ অন্তত খোল প্ৰসঙ্গ অনুষ্ঠিত হয়। আজিৰ পৰা এমাহ জুৰি বায়ণৰ খোলৰ চাপৰ- গায়নৰ গীতৰ ৰাগ , হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব ৰাজ্যৰ প্ৰতিটো নামঘৰ ।

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাতো শাওন ভাদৰ সংক্ৰান্তিৰ দিনাৰ পৰা পৰম্পৰাগত ভাৱে ওঁঠৰ প্ৰসঙ্গৰে নাম প্ৰতিষ্ঠিত কৰি ৰখা হয়। পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা শেষৰ তাৰিখলৈ ভকত বৈষ্ণৱ, আই মাতৃয়ে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ বতাহ ।এই পৱিত্ৰ মাহটোত বটদ্ৰৱা থান পৰিণত হ'ব দ্বিতীয় বৈকুণ্ঠপুৰীলৈ।