অসম

উদুলি মুদুলি বটদ্ৰৱা থানঃ গোবিন্দ গোসাঁই মুৰত ফাকু দিয়া উৎসৱ পালন…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ উদুলি- মুদুলি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱত অংশগ্ৰহণ কৰি কৃষ্ণ ভক্তিত বিলিন হ'বলৈ বটদ্ৰৱা থানত সত্ৰত সোমবাৰে সমবেত হৈছে অগণন ভক্ত ৷

সোমবাৰে গোঁসাই মূৰত ফাকু দিয়া উৎসৱ৷ পুৱা আইসকলৰ নাম, খোল প্ৰসঙ্গ, দুপৰীয়া কীৰ্তনৰ পাছত গায়ন বায়নৰ ন ধেমালি আৰু ৰংগে ফাকু খেলে চৈতন্য বনমালী গীতৰ গুঞ্জনত তথা আইসকলৰ মংগল উৰুলিৰ মাজেৰে গোৱিন্দ গোসাঁইক নোৱাই ধুৱাই নৱ বস্ত্ৰ পৰিধান কৰোৱাৰ পিছত শিৰত ফাকু দিয়া হয়।

বটদ্ৰৱাৰ গুৰুজনাই আৰম্ভ কৰা পৰম্পৰা অনুসৰি গোবিন্দ গোসাঁই শিৰত ফাকু দিয়া পাছতে ভকত বৈষ্ণৱে ফাকু নিৰ্মালী গ্ৰহণ কৰে। বটদ্রৱা থানৰ এই ঐতিহ্যমণ্ডিত প্ৰাচীন পৰম্পৰাগত দৌল মহোৎসৱলৈ অগনন ভক্তৰ ভীৰ হোৱা পৰিলক্ষিত হৈছে। কৃষ্ণ নামত মুখৰিত হৈ পৰিছে আকাশ বতাহ।