অসম

ঐতিহ্যময় অসমীয়া সংস্কৃতিৰ জয়যাত্ৰা বটদ্ৰৱাৰ পৰাই আৰম্ভণী ঘটিছিলঃ নৃত্যাচাৰ্য যতীন গোস্বামীৰ তত্বাৱধানত সত্ৰীয়া নৃত্যৰ পৰ্যালোচনা…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা: "ঐতিহ্যময় অসমীয়া সংস্কৃতিৰ জয়যাত্ৰা বটদ্ৰৱাৰ পৰাই আৰম্ভণী ঘটিছিল। আজি যি সংস্কৃতিৰ পৰ্যালোচনা অনুষ্ঠিত হৈছে এইয়া বটদ্ৰৱা পৰম্পৰাগত মৌলিক সংস্কৃতিৰ অংশ বিশেষহে মাত্ৰ" এই মন্তব্য নৃত্যাচাৰ্য যতীন গোস্বামীৰ। সত্ৰীয়া সংস্কৃতিৰ তিনিটাধাৰাৰ অন্যতম বৰদোৱা থূলৰ নৃত্যৰ গৱেষণামূলক প্ৰচাৰ ,প্ৰসাৰ আৰু সংৰক্ষণৰ বিষয়ে এক পৰ্যালোচনামূলক অনুষ্ঠানত অংশ গ্ৰহন কৰি নৃত্যাচাৰ্য গোস্বামীয়ে বৰদোৱা থূলৰ নৃত্য ধাৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ পৃষ্ঠপোষকতাত সত্ৰকৃষ্টিৰ সাধক তথা নৃত্যাচাৰ্য যতীন গোস্বামীৰ তত্বাৱধানত সত্ৰৰ পৰম্পৰাগত নৃত্যশৈলীৰ প্ৰকাশভংগীমাৰ লয়লাস ,নৃত্যৰ বোল ইত্যাদিৰ বিষয়ে সত্ৰৰ গায়ন বায়ন সকল আৰু সত্ৰীয়া নৃত্যৰ সাধনাৰ লগত জড়িত শিল্পী কলাকুশলী সকলৰ লগত বিশেষভাৱে পৰ্যালোচনাত মিলিত হয়।

যোৱা ১০ জুলাইৰ বিয়লিৰ পৰা অনুষ্ঠিত হোৱা এই নৃত্যধাৰাৰ পৰ্যালোচনা দেওবাৰে বিয়লি সামৰণী পৰে। এই উপলক্ষে দেওবাৰে বিয়লি বটদ্ৰৱা থানৰ আইখেৰসূঁতি সত্ৰীয়া সাংস্কৃতিক মঞ্চত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশৰ বৰদোৱা থূলৰ নৃত্যৰ পৰিবেশন পৰ্যালোচনাৰ সামৰণী অনুষ্ঠানটি অনুষ্ঠিত হয়।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁতধৰা অনুষ্ঠানটোত নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামী, নৃত্যাচাৰ্য যতীন গোস্বামীয়েে সাৱলীল ভাষন প্ৰদান কৰাৰ অন্তত পৰ্যালোচনাটোত অংশ গ্ৰহণ কৰা নৱপ্ৰজন্মৰ শিল্পী সকলে এক নৃত্য অনুষ্ঠান পৰিবেশন কৰে। সাামৰণি অনুষ্ঠানটিত হেমৰাম বায়ণ, প্ৰশান্ত ভৰালী, ৰাজেন কেওঁটকে প্ৰমুখ্যে কেইবাগৰাকী লোক উপস্থিত থাকে।