অসম

বটদ্ৰৱাৰ সোনাই নৈত মৃতদেহ উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ স্বাধীনতা দিৱসৰ উলহ-মালহৰ মাজতেই বটদ্ৰৱাত সন্ধ্যা উদ্ধাৰ যুৱকৰ মৃতদেহ। সোনাই নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটো ৰাইডঙীয়া শ্যাম কলীয়া গাঁৱৰ যুৱক শিৱ হাজৰিকা বুলি চিনাক্তকৰণ কৰা হৈছে।

স্বাধীনতা দিৱস উপলক্ষে সমনীয়াৰ সৈতে ভোজভাত খাই আনন্দ স্ফূর্তি কৰি থকা সময়তে পানীত পৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে নগাৱঁলৈ ।