অসম

যুৱ কংগ্ৰেছৰ উদ্যোগত বটদ্ৰৱাত সাংবাদিকক সম্বৰ্ধনা…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক'ৰণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰ তথা ৰাজ্যত অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ লক ডাউন । মহামাৰী ৰূপ ধাৰণ কৰা ক'ৰণা ভাইৰাছক ৰোধিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগে দিন-ৰাতি একাকাৰ কৰি অহৰহ চেষ্টা অব্যাহত ৰাখিছে। এই সংকটৰ সময়ত আৰক্ষীৰ লোক, চিকিৎসক, স্বাস্থ্য কৰ্মী, আশা কৰ্মী, তথা জৰুৰী কালীন সেৱাত জড়িত লোকসকলৰ লগতে ৰাজ্যৰ সাংবাদিক সকলেও ক'ৰণাৰ বিৰুদ্ধে যুঁজি আহিছে ।

সাংবাদিক সকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে নগাঁও জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ বৰাই সামাজিক দূৰত্ব বজাই ৰাখি বৃহত্তৰ বটদ্ৰৱাৰ সাংবাদিক সকলক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বৰ্তমান সময়ত আতাইতকৈ প্ৰয়োজনীয় মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰে।

বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উপ সভাপতি দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত যুৱ কংগ্ৰেছৰ হৈ অভিজিৎ বৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সদা জাগ্ৰত প্ৰহৰী হৈ নিষ্ঠা সহকাৰে সংবাদ সেৱা আগবঢ়াই অহা বটদ্ৰৱাৰ সাংবাদিক সকলক শলাগ লোৱাৰ লগতে সাম্প্ৰতিক সময়ত কভিড -১৯ ৰ বিৰুদ্ধে যুঁজ দি থকা সাংবাদিক সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত সমাজ কৰ্মী ইক্ৰাম হুছেইন লস্কৰ, যুৱ কংগ্ৰেছ নেতা ছফিউল আলমৰ লগতে কেইবাজনো কংগ্ৰেছ দলৰ নেতা উপস্থিত আছিল।