অসম

বটদ্ৰৱাৰ শান্তিজান জলপৃষ্ঠত একাংশ বেদখলকাৰীয়ে বৃহৎ পুখুৰী খান্দি ভেটা দিয়াৰ পৰিপেক্ষিতত কেইবাখনো গাঁও বানৰ কবলত…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত শান্তিজানৰ বাঢ়নী পানীয়ে সম্প্ৰতি কেইবাখনো গাওঁ বুৰাই পেলোৱাৰ উপৰিও বটদ্ৰৱাৰ কেইবাহেক্টৰ কৃষি ভূমি বিনষ্ট কৰাৰ ফলত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।

বটদ্ৰৱাৰ শান্তিজান জলপৃষ্ঠৰ নেজ অংশত একাংশ বেদখলকাৰীয়ে বৃহৎ বৃহৎ পুখুৰী খন্দাৰ পৰিনতিত বিগত সপ্তাহৰ পৰা হৈ থকা বৰষুনৰ ফলত ঐতিহাসিক শান্তিজান জলপৃষ্ঠৰ পানী উফন্দি উঠি যোৱা পাঁচ দিন ধৰি হোৱা কৃত্রিম বানত বটদ্ৰৱাৰ শান্তিজান পাৰ, ধনীয়াভেটি পথাৰ, বাটমাৰী, সৰুহিছা গাঁৱৰ এটা অংশৰ উপৰি অঞ্চলটোৰ কেইবা শ হেক্টৰ কৃষিভূমি পানীৰ তলত বুুৰ যায়। বানত ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা মৌজাৰ বটদ্ৰৱা সৰুহিছা, হিজলগুৰি পথাৰ, ভেটিয়নী, বাটমাৰী, ভোমোৰাগুৰি পথাৰ আৰু ধনীয়া ভেটি পথাৰ জলমগ্ন হৈ হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লহ পহকৈ বাঢ়ি অহা সেউজীয়া শইচ বিনষ্ট হয়।

বানৰ পাছত এটিয়া পানীৰ তলত পচি যোৱা ধাননি দেখি হতাশাত ভূগিছে বটদ্ৰৱাৰ কৃষক। দিনতে এতিয়া ঘোৰ অন্ধকাৰ দেখিছে কৃষকে। হাড় ভঙা পৰিশ্ৰম কৰি, গাঠিৰ ধন ভাঙি এই সকল কৃষকে পথাৰত শালি ধানৰ কঠীয়া ৰোপণ কৰিছিল। শ শ হেক্টৰ ৰোৱা শালিধানৰ কঠিয়া কোনো চিন চাব দেখিবলৈ নাই বটদ্ৰৱাৰ পথাৰত।

আজি বিয়লি ধিং ৰাজহ চক্ৰ বিষয়া(সংলগ্ন) স্নেহা ভৰালীয়ে বটদ্ৰৱা আৰক্ষী আৰু স্থানীয় কেইবাগৰাকী সমাজকৰ্মীৰ সৈতে বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ শান্তিজানৰ নেজ অংশত থকা অবৈধ পুখুৰী সমূহ পৰিদৰ্শন কৰে। তাতে ৰাইজৰ অভিযোগ কৰাত ওপৰত ভিত্তি কৰি অহা কাইলৈ পুৱা উক্ত নেজ অংশত থকা বান্ধ সমূহ ভাঙি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।