অসম

৩০ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াক লৈ উত্তপ্ত বাতাবাৰী

asomiyapratidin

ডিজিটেল সংবাদ, গোৱালপাৰাঃ এখন বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিৰ নাভূত-নাশ্ৰুত কাণ্ডই সকলোৰে চকু কপালত উঠোৱাৰ লগতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সভাপতিজনে কোনো নিয়ম-নীতি নামানি বলপূৰ্বকভাৱে ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াক লৈ এনে পৰিস্থিতিৰ উদ্ভৱ হয়।

ঘটনা অনুসৰি গোৱালপাৰাৰ বগুৱান থানাৰ অন্তৰ্গত বাতাবাৰী হাইস্কুলৰ পৰিচালনা কমিটিৰ সভাপতি জেহিৰুল ইছলামে যোৱা গৰমৰ বন্ধত নীতি বহিৰ্ভূতভাৱে পৰীক্ষা অনুষ্ঠিত কৰিছিল। সেই পৰীক্ষাৰ ফলাফল যোৱা সোমবাৰে প্ৰদান কৰি পৰীক্ষাত কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়ে।

এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোৰ অভিভাৱক তথা সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ ৰাইজে অভিযোগ কৰা মতে জেহিৰুল ইছলাম বিদ্যালয়খনৰ ৰাইজৰ মনোনীত সভাপতি নহয়।

বিভিন্ন ৰাজনৈতিক নেতাৰ লগত সম্পৰ্ক থকাৰ সুবাদতে তেওঁ পোনে পোনে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগত গোপন বুজাবুজিৰে সভাপতি পদত অধিষ্ঠিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

নিজৰ ধনবল আৰু ৰাজনৈতিক শক্তি প্ৰয়োগ কৰি এনেদৰে অন্যায়ভাৱে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা জেহিৰুল ইছলামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে দাবী জনাইছে।