অসম

বৰক্ষেত্ৰীৰ হিদিলাট্টাৰীত অৱসৰপ্ৰাপ্ত শিক্ষকৰ দেহাৱসান

asomiyapratidin

ডিজিটেল সংবাদ, মুকালমুৱাঃ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ হিদিলাট্টাৰী গাঁৱৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ সোমবাৰে আকস্মিকভাৱে দেহাৱসান ঘটে। দিৰ্ঘদিন ধৰি ডাইবেটিছ ৰোগত আক্ৰন্ত হৈ শিক্ষকজনে সোমবাৰে নিজ গৃহতে নিয়তিৰ নিষ্ঠুৰ কোলাত চিৰদিনৰ বাবে শুই পৰে অৱসৰপ্ৰাপ্ত শিক্ষক সদা বৰ্মণ৷

মাত্ৰ ১১ টা দিন পূৰ্বে চাকৰি জীৱন শেষ কৰি সদা বৰ্মণ জীৱনৰ ইহলীলাগামী হয় ৷ শিক্ষকজনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোঁকৰ ছাঁ পেলোৱাৰ লগতে তেখেতৰ শুভকাংশী সকল শোঁকত ভাগি পৰে ৷ কেৱল শিক্ষকে নহয় বিগত দিনবোৰত অঞ্চলটোৰ বিভিন্ন ৰাজহুৱা কামত জড়িত হৈ সামাজিক ব্যক্তি হিচাবেও চহকী হৈছিল প্ৰয়াত সদা বৰ্মণ ৷

মৃত্যুৰ সময়ত সদা বৰ্মণে তেখেতৰ পত্নী সহ এগৰাকী কন্যা সন্তান আৰু এজন পুত্ৰ সন্তানক এৰি গুচি যায় ৷ ইপিনে প্ৰয়াত অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ মৃত্যুত বৰক্ষেত্ৰীৰ বিভিন্ন দ'ল সংগঠনে শোঁক প্ৰকাশ কৰি পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷