অসম

মোৰ এই কপালৰ ৰঙা ফোঁট শেষ উশাহলৈকে থাকিবলৈ আশীৰ্বাদ কৰকঃ বৰষাৰাণী বিষয়া

asomiyapratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভোটগাঁৱত কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত আৰু আক্ৰাছু , কোচ ৰাজবংশী সাংস্কৃতিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা ১১ তম কোচ ৰাজবংশী লোক উৎসৱ কাৰ্ত্তিকা পূজাত অংশগ্ৰহণ কৰি অভিনেত্ৰী বৰষাৰাণী বিষয়াই কপালৰ ৰঙা ফোঁট শেষ উশাহলৈকে থকাৰ কামনা কৰিছে । বহু ধৰ্মীয় অনুষ্ঠান আছে যত মহিলাক সোমাবলৈ দিয়া নহয় , কিন্তু পুৰুষক উলিয়াই দিয়া কাৰ্ত্তিকা পূজাত অংশগ্ৰহণ কৰি নিজকে সুখী বুলি মন্তব্য কৰি নিজৰ মনোবাঞ্ছা পুৰণ কৰিবলৈ বৰষাৰাণী বিষয়াই নৈবেদ্য আগবঢ়ায় ।

বুধবাৰৰ নিশা ভোটগাঁৱত অনুষ্ঠিত হোৱা ১১ তম কোচ ৰাজবংশী লোক উৎসৱ কাৰ্ত্তিকা পূজাত অংশগ্ৰহণ কৰি অভিনেত্ৰী বৰষাৰাণী বিষয়াই কাৰ্ত্তিকা নৃত্যতো অংশগ্ৰহণ কৰে । অনুষ্ঠানত কে এ চিৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মন , অধ্যক্ষ হিতেশ্বৰ বৰ্মন , বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে , কে এ চিৰ কাৰ্যবাহী সদস্য ক্ৰমে জীৱেশ ৰায় , কৰ্মেশ্বৰ ৰায় আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে অবিভক্ত গোৱালপাৰা জিলাত পালন কৰা কাৰ্ত্তিকা পূজাত পুৰুষৰ প্ৰৱেশ নিষেধ আৰু মহিলাসকলেই পুৰুষৰ ভাও ধৰে । মূলত পৰিয়ালৰ মঙ্গল কামনা আৰু সন্তান প্ৰাপ্তিৰ কামনাৰে সাধাৰণতে কোচ ৰাজবংশী আৰু নাথ যোগী সম্প্ৰদায়ৰৰ ঘৰে ঘৰে কাৰ্ত্তিকা পূজা অনুষ্ঠিত হয় ।