বৰপেটা

চোৰে লুটি নিলে মন্দিৰৰ বৰকাঁহ,শৰাইসহ অন্যান্য সামগ্ৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,বৰপেটাঃ বৰপেটা জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰিকাণ্ড ৷ বিগত সময়চোৱাত জিলাখনৰ বিভিন্ন প্ৰান্তত চোৰে চুৰি কাণ্ড সংঘটিত কৰি বহু পৰিয়ালক সৰ্বস্ৰান্ত কৰাৰ লগতে বহু ব্যৱসায়িক প্ৰতিষ্ঠানতো চুৰিকাণ্ড সংঘটিত কৰিছিল ৷

জিলাখনত সক্ৰিয় হৈ থকা দুষ্টচক্ৰটোৱে মঠ,মন্দিৰ আৰু দেৱালয়ক লক্ষ্য কৰি লৈছে ৷ দক্ষিণ-পূৱ বৰপেটা অঞ্চলৰ ঐতিহাসিক ডক্ৰেশ্বৰ দেৱালয়ত শনিবাৰে সংঘটিত হৈছে চুৰিকাণ্ড ৷ নিশাৰ ভাগত সংঘটিত চুৰিকাণ্ডই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে , দেওবাৰে পুৱা প্ৰাতঃভ্ৰমণত যোৱা একাংশ মহিলাই দেৱালয়খনৰ পৰা নাতিদূৰত দেৱালয়ৰ বৰকাঁহ, শৰাই , ঘণ্টাকে আদি কৰি বিভিন্ন সামগ্ৰী সিঁচৰতি হৈ পৰি থকা দেখিবলৈ পায় । লগে লগে তেওঁলোকে দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ৰাইজক খবক দিয়াত ততাতৈয়াকৈ ৰাইজ গৈ তাত ঘটনাস্থলীত উপস্থিত হয়।

ৰাইজে গৈ সামগ্ৰীসমূহ দেৱালয়ৰেই বুলি চিনাক্ত কৰে লগতে দেৱালয়ৰ ভৰাঁলঘৰৰ তলা আৰু লোৰ দৰ্জাখন ভাগি থকা প্ৰত্যক্ষ কৰে । লগে লগে ৰাইজে বৰপেটা আৰক্ষী চকীত ফোন কৰি ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।

উল্লেখযোগ্য যে, ইয়াৰ আগতেও দেৱালয়খনত চুৰিকাণ্ড সংঘটিত হৈছিল ৷ কিন্তু উক্ত চুৰিকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে কোনো এজন চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল ৷ পূৰ্বতে সংঘটিত ঘটনা সন্দৰ্ভত দেৱালয় পৰিচালনা সমিতিয়ে প্ৰশাসনক দেৱালয়ৰ নিৰাপত্তাৰ বাবে আৰক্ষীৰ পহৰাৰ ব্যৱস্থা কৰিবলৈ বাৰম্বাৰ আবেদন কৰি আহিছে যদিও উক্ত আবেদনৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰিলে বুলি সচেতন ৰাইজৰ আক্ষেপ ৷

যাৰ ফলত এনে ঘটনাৰ পুনৰাবৃত্তি হৈছে বুলি মন্তব্য কৰিছে দেৱালয় পৰিচালনা সমিতিয়ে ৷ এই চুৰিকাণ্ডক গৰিহণা দিছে দেৱালয় পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে ৷