বৰপেটাৰোডত ৩ চোৰাং চিকাৰী গ্ৰেপ্তাৰঃ জন্তুৰ ছাল, হাঁড় উদ্ধাৰ...
বৰপেটাৰোডত ৩ চোৰাং চিকাৰী গ্ৰেপ্তাৰঃ জন্তুৰ ছাল, হাঁড় উদ্ধাৰ... 
বৰপেটা

বৰপেটাৰোডত ৩ চোৰাং চিকাৰী গ্ৰেপ্তাৰঃ জন্তুৰ ছাল, হাঁড় উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বৰপেটাৰোডঃ এক গোপন সুত্ৰৰ ভিত্তিত মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালয়ৰ খণ্ড বন বিষয়া নয়নজ্যোতি পাঠকৰ নেতৃত্বত যোৱা বন বিভাগৰ এটি দলে অভিযান চলাই বাঘৰ হাড় আৰু ছাল সহ তিনিজনকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰীক কৰায়ত্ত কৰে ৷ বন বিভাগে ধৃত চোৰাং চিকাৰী তিনিজনৰ পৰা ৭ কিলো ১শ ৫০ গ্ৰাম ওজনৰ বাঘৰ হাড় উদ্ধাৰ কৰে ৷ ধৃত তিনি চোৰাং চিকাৰী ক্ৰমে বলেন্দ্ৰ গয়াৰী, মুনীন্দ্ৰ বসুমতাৰী আৰু ডিম্বে গয়াৰী বুলি জানিব পৰা গৈছে ৷

ধৃত দুৰ্ধৰ্ষ চোৰাং চিকাৰী তিনিজনক স্বাস্থ্য পৰীক্ষাৰ অন্তত বৰপেটাৰোডস্থিত মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালত ৰাখি জেৰা অব্যাহত ৰাখিছে বন বিভাগৰ দলে ৷ জানিব পৰা মতে উল্লেখ্য যে দীৰ্ঘদিনৰে পৰাই চোৰাং চিকাৰীয়ে মানাহৰ বন্য জীৱজন্তু, পশু নিধন কৰি বন্য জীৱজন্তুৰ দাঁত,ছাল, হাড়,মাংস আদি বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে ৷

বিগত কিছুদিন পূৰ্বে মানাহৰ হৰিণা চিকাৰ কৰি হৰিণাৰ মাংস বিক্ৰী কৰাৰ অপৰাধত কেবাজনো লোকক হৰিণাৰ মাংসসহ বন বিভাগে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

স্মৰ্ত্তব্য যে শনিবাৰে বাঘৰ হাড়সহ তিনিজনকৈ দুৰ্ধৰ্ষোচোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ তথ্য বিচাৰি সাংবাদিকৰ দল এটিয়ে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ বৰপেটাৰোডস্থিত কাৰ্যালয়ত উপস্থিত হৈছিল যদিও মানাহৰ খণ্ড বন বিষয়া নয়নজ্যোতি পাঠকে সাংবাদিক সকলক চোৰাং চিকাৰীৰ তথ্য অৱগত কৰোৱাৰ পৰা ৰহস্যজনকভাৱে বিৰত থাকে ৷ আনহাতে উদ্ধাৰ হোৱা বাঘৰ ছাল আৰু হাড়ৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা হব বুলি অনুমান কৰা হৈছে।