অসম

বানাক্ৰান্ত অঞ্চলত দমকল স্থাপনৰ নামত নাটক! চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত বানৰ তাণ্ডৱ। খাদ্য, খোৱাপানী, আশ্ৰয় বিচাৰি হাহাকাৰ কৰিছে বানাক্ৰান্তই। বানাক্ৰান্তক সা-সুবিধা দিয়াৰ নামত এতিয়া প্ৰকাশনৰ উদ্যোগতেই ভেকোভাওনা কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰপেটাৰ সুন্দৰীদিয়া আৰু ভকতপাৰাৰ বানাক্ৰান্ত ৰাইজৰ বাবে জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থাপন কৰিছিল দমকল।

সেই দমকলৰ নমুনা এয়া। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল সেই দৃশ্য। তাৰপাছত স্থানীয় ৰাইজৰ পৰা এই সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি- এই দমকলসমূহত নোলাই পৰিস্কাৰ পানী।

কোনো কোনো দমকলত আকৌ পানীৰ সলনি ওলাই বোকা। ৰাইজো অতিষ্ঠ হৈ দমকলসমূহ ভালদৰে চোৱাত ওলাই পৰে গুমৰ ফাঁট। উক্ত অঞ্চলৰ আশ্ৰয় শিবিৰৰ বাবে স্থাপন কৰা দমকল দুটা ৰাইজে খুলি চোৱাত মাত্ৰ ৬ ফুট পৰ্যন্ত পাইপেৰে বানাক্ৰান্তক পানী দিয়াৰ ভেকোভাওনা কৰাৰ আচল স্বৰূপ পোহৰলৈ আহে।

ইফালে, একাংশৰ মতে- দমকলসমূহত পাইপ দীঘলকৈয়ে বহাইছিল যদিও, ভালদৰে যোৰা নলগোৱাৰ বাবেই হাতেৰেই দমকলসমূহ খুলি আনিব পৰা পৰিস্থিতি সৃষ্টি হয় বুলিও মন্তব্য কৰিব খোজে। কিন্তু এই কাৰ্যত চূড়ান্ত অপমানিতবোধ কৰিছে বৰপেটাৰ বানাক্ৰান্ত সকলে।

বৰপেটা জিলাৰ সচেতন লোক তথা বানাক্ৰান্ত ৰাইজে এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। জিলাখনৰ উপায়ুক্তক এই সন্দৰ্ভত তদন্তৰ দাবী কৰাৰ লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰো দাবী জনাইছে।

উল্লেখযোগ্য যে, বিশুদ্ধ খোৱাপানী যোগানৰ নামত এনেদৰে বানাক্ৰান্তসকলৰ মাজত দমকল স্থাপনৰ ব্যৱস্থা কৰা হয়। কিন্তু কাৰ্যতঃ কিদৰে এই কাম কৰা হয় তাৰ বাস্তৱ ছবি প্ৰতিফলিত হ'ল বৰপেটাত স্থাপন কৰা এই দমকল কেইটাৰ পৰা।