অসম

বৰপেটা সত্ৰৰ পৰম্পৰাৰে বৃহস্পতিবাৰে ওদালগুৰি সত্ৰত জ্বলিল মেজি, ‘কা’ৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যত সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালভাৱে ৰাজ্যৱাসীয়ে পালন কৰিলে বাপতিসাহোন হেপাঁহৰ ভোগালী বিহুটি। কিন্তু জাতিৰ ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি লগে-ভাগে এসাজ খোৱাৰ মাজতে ভেলাঘৰৰ বাকৰিতো জাতিধ্বংসী আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱা দেখা গৈছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত। ওদালগুৰিৰ গৰৈবাৰীত ৩৩ খন জিলাৰ নামত ৩৩ টা মেজি সাজি উলিয়াই আমি কা' নামানো শ্লোগানেৰে দাহ কৰা হয় জাতিধ্বংসী আইনখনৰ প্ৰতিলিপি।

ওদালগুৰি চহৰৰ পুৰণি গৰৈবাৰীৰ ৰাইজে সাব্যস্ত কৰিলে এনে ব্যতিক্ৰমী প্ৰতিবাদ। প্ৰতিবছৰে গাওঁখনৰ ৰাইজে ৰাজহুৱা লক্ষী-নাৰায়ণ নামঘৰত মেজি সাজি উৰুকা নিশা ভোজ ভাত খাই দোমাহিত মেজি প্ৰজ্বলন কৰে। ব্যতিক্ৰম নাছিল এইবেলিও। কিন্তু ভোজ-ভাত খোৱাৰ লগতে মেজিৰ বাকৰিত প্ৰতিবাদো সাব্যস্ত কৰিলে গাওঁৱাসীয়ে। সেই উদ্দেশ্যৰে গাওঁবাসীয়ে এইবাৰ ৰাজ্যৰ ৩৩ খন জিলাৰ নামেৰে ৩৩ টাকৈ মেজি প্ৰস্তুত কৰে।

প্ৰতিখন জিলাৱাসীৰ হৈ এইসকল লোকে মেজিত আইনখন দাহ কৰি সংশোধিত নাগৰিকত্ব আইনখন যে কোনো কাৰণতে মানি লোৱা নহব তাৰেই বাৰ্তা দিলে গাওঁৱাসীয়ে। সমান্তৰালভাৱে জয় আই অসম, কা'আমি নামানো শ্লোগানেৰে উত্তাল হৈ পৰিল মেজিৰ বাকৰি। চৰকাৰখনে এই আইনখনৰ জৰিয়তে চৰকাৰে অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি-ঐতিহ্য ধ্বংস কৰিব বিচাৰিছে বুলি এইসকল লোকে উল্লেখ কৰি যিকোনো প্ৰকাৰে আইনখন বাতিলৰ দাবী উত্থাপন কৰে।

ওদালগুৰি জিলাৰ পুৰণি গৰৈবাৰী গাওঁবাসীৰ পৰম্পৰাৰ সমান্তৰালভাৱে প্ৰতিবাদৰ এই কাৰ্য ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। ইফালে, ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থায়ো ছহিদ ভৱনৰ সন্মুখত নিৰ্মাণ কৰা মেজিত সংশোধিত নাগৰিকত্ব আইনখনৰ প্ৰতিলিপি দাহ কৰি বিভিন্ন শ্লোগান দি আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।