অসম

বৰপেটা জিলাত টেট কেন্দ্ৰ নিদিয়াৰ প্ৰতিবাদত বৰপেটা সদৰত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ…

asomiyapratidin

ডিজিটেল সংবাদ বৰপেটাঃ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ২০২১ বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে প্ৰকাশ কৰা জাননীক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। ৰাজ্য চৰকাৰৰ এনে বৈষম্যমূলক নীতিৰ প্ৰতিবাদত বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৰাইজৰ দল আৰু যুৱ বলে ৷ অসম চৰকাৰ আৰু শিক্ষা বিভাগে ষড়যন্ত্ৰমূলক আৰু বৈষম্যমূলক নীতি পৰিহাৰ কৰি অতি শীঘ্ৰেই বৰপেটা, বজালী, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাতো টেট পৰীক্ষা কেন্দ্ৰ দিয়াৰ দাবী জনায় ৰাইজৰ দল আৰু ইয়াৰ যুৱ সংগঠন অসম যুৱ বলে।

অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ এই ষড়যন্ত্ৰমূলক আৰু বৈষম্যমূলক সিদ্ধান্তৰ বিৰুদ্ধে আজি ৰাইজৰ দল আৰু যুৱ বলৰ নেতা-কৰ্মীসকলে বৰপেটা সদৰৰ পাঁচ আলি চকত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে- অসম চৰকাৰ আৰু শিক্ষা বিভাগে ষড়যন্ত্ৰমূলক আৰু বৈষম্যমূলক নীতি পৰিহাৰ কৰি অতি শীঘ্ৰেই বৰপেটা, বজালী, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাতো টেট পৰীক্ষা কেন্দ্ৰ দিয়াৰ দাবী জনায়।

ড০ বাণীকান্ত কাকতি আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ বৰপেটা জিলাৰ প্ৰতি অৱজ্ঞা আৰু বৈষম্য কৰাৰ সাহস কেনেকৈ পালে বুলিও কটাক্ষ কৰে অসম চৰকাৰক। বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি আদি জিলাবোৰ সংখ্যালঘু অধ্যুষিত অঞ্চল বুলিয়ে পৰিকল্পিতভাৱে এনেকুৱা বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে নেকি বুলিও অসম চৰকাৰক প্ৰশ্ন কৰে ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে। অসম চৰকাৰ আৰু শিক্ষা বিভাগে অতি শীঘ্ৰে অসমৰ সকলো জিলাতেই টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে পুনৰ বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলিও হুংকাৰ দিয়ে।