অসম

বৰপেটাত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ…

asomiyapratidin

ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটা চহৰৰ গান্ধীনগৰৰ মন্টু কুমাৰ দাস (৩২) নামৰ এগৰাকী যুৱক সোমবাৰে নিশা বিদ্যুৎপৃষ্ট হৈ মৃত্যুমুখত পৰে৷ জানিব পৰা মতে, বাৰিষাত ঘৰ দুৱাৰ ডুব যোৱাৰ ফলতে যুৱকজনে পৰিয়ালসহ ওচৰৰ মথাউৰিত আশ্ৰয় গ্ৰহণ কৰে৷

যুৱকজনে কলৰ ভূঁৰেৰে সোমবাৰে নিশা প্ৰায় ১০.৩০ মান বজাত নিজৰ ঘৰৰ কিছু বয় বস্তু আনিবলৈ যায় ৷ ঠিক সেই সময়তে ওপৰেৰে যোৱা বৈদ্যুতিক তাঁৰ এডালত ভুৰ বাবলৈ ব্যৱহাৰ কৰা বাঁহ ডাল লাগি ধৰে ৷ লগে লগে বিদ্যুৎ পৃষ্ট হৈ যুৱক জনৰ কৰুণ মৃত্যু হয় ৷যুৱক জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷