অসম

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়’গ্নষ্টিক লেব’ৰেটৰী মুকলি…

asomiyapratidin

ডিজিটেল সংবাদ, বৰপেটাঃ বৰপেটাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত বুধবাৰে এটি অত্যাধুনিক ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়েগ্নষ্টিক লেবৰেটৰী মুকলি কৰা হয়৷ ছোৱাইন ফ্লু, হেপাটাইটিছ এ বি চি ই, জাপানীজ এনকেফেলাইটিছ, ডেংগু, আদিকে ধৰি প্ৰায় পচিশ টা ভাইৰেল জনিত ৰোগৰ পৰীক্ষা এই লেবৰেটোৰিটোৰ জৰিয়তে সম্পন্ন কৰিব পৰা যাব ৷

এই অত্যাধুনিক লেবৰেটৰীটো বুধবাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে বৰপেটাৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাই ৷ এই লেবৰেটোৰীটো মুকলি কৰাত নামনি অসমৰ কেবাখনো জিলাৰ লোক সকল উপকৃত হব বুলি আশা কৰা হৈছে ৷