অসম

বৰপেটাৰ ক্ষুদ্ৰবামুণবড়ীত পৰিয়ালকেন্দ্ৰিক সংঘাত, পুত্ৰই মাজনিশা ডেৰ লক্ষাধিক টকাৰ সা-সম্পত্তিসহ জ্বলাই দিলে ঘৰ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ এক পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই বুধবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল ডেৰ লক্ষাধিক টকাৰ সা-সম্পত্তিসহ এটা বাসগৃহ। ঘটনাৰ স্থান বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ক্ষুদ্ৰবামুণবড়ী। এই গাঁৱৰ কৰিম আলী নামৰ দিন হাজিৰা কৰা লোকজনৰ নিজৰেই বৰপুত্ৰ চুবুৰ আলী(২২)য়ে মাজনিশা অগ্নিসংযোগ কৰিলে বাসগৃহত।

বাৰটা সন্তানৰ পিতৃ কৰিম আলীৰ দুগৰাকী পত্নী। থাকে নিচেই ওচৰাওচৰি দুটা পৃথক ঘৰত। বুধবাৰে নিশাও আনদিনাৰ দৰে মদ্যপান কৰি আহে বৰপুত্ৰ চুবুৰ আলী। অগ্নিসংযোগৰ পূৰ্বে পিতৃক প্ৰহাৰ কৰিবলৈ উদ্যত হোৱাৰ অভিযোগ পিতৃ কৰিম আলীৰ। পুত্ৰক লাগে সম্পত্তিৰ ভাগ নাইবা বাইক। খেদি লৈ ফুৰিছে পিতৃক প্ৰহাৰ কৰিবলৈ।মাতৃকো ভাবুকি সুৰামত্ত পুত্ৰৰ।

অৱশেষত মাজনিশা বাসগৃহত অগ্নিসংযোগ কৰি পলায়ন বৰপুত্ৰৰ। পৰিয়ালৰ অভিযোগৰ ভিত্তিত মাজদিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে আটক কৰে চুবুৰ আলীক। অগ্নিসংযোগৰ অভিযোগত অভিযুক্ত চুবুৰ কৰিম আলীৰ দ্বিতীয় গৰাকী পত্নীৰ পুত্ৰ।

অগ্নিসংযোগৰ ফলত প্ৰায় ডেৰ লাখ টকাৰ সা-সামগ্ৰী আৰু হাঁহ-কুকুৰা ভষ্মীভূত হোৱাৰ লগতে দুটাকৈ পশুধন অগ্নিদগ্ধ হয়। এন আৰ চিৰ দৰে গুৰুত্বপূৰ্ণ নথিপত্ৰও জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।