অসম

কৰ্ম-সংস্কৃতি অবিহনে আৰ্থ-সামাজিক ভেটি সুদৃঢ় নহয়ঃ বৰপেটাৰ কাপলাত অনুপ চেতিয়া

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ "কৰ্ম-সংস্কৃতি গঢ়ি তুলিব নোৱাৰিলে আমাৰ আৰ্থ-সামাজিক ভেটিটো কেতিয়াও সুদৃঢ় নহয়। আমাৰ যুৱকসকলৰ মন আৰু চিন্তাত কৰ্ম-সংস্কৃতি গঢ়ি তোলাৰ চেতনা জাগ্ৰত হৈ থাকিব লাগিব।" বৰপেটা জিলাৰ কাপলা মীন মহলত জলাশয় সংৰক্ষণ সমিতিয়ে আয়োজন কৰা এক অনুষ্ঠানত সোমবাৰে এই মন্তব্য কৰে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

উল্লেখ্য যে, এদল শিক্ষিত যুৱকেৰে গঠিত জলাশয় সংৰক্ষণ সমিতিয়ে সোমবাৰে এখন হাঁহৰ ফাৰ্ম মুকলি কৰিবলৈ নিমন্ত্ৰণ জনাইছিল আলফা নেতা অনুপ চেতিয়াক। উন্নত জাতৰ পাঁচশ হাঁহৰ ফাৰ্মখন মুকলি কৰি এনেধৰণৰ কৰ্ম স্পৃহাই শিক্ষিত সকলৰ লগতে সকলো শ্ৰেণীৰ যুৱককে স্ব-নিয়োগৰ বাবে উৎসাহিত কৰিব বুলি উল্লেখ কৰে।

লক্ষ্যণীয়ভাবে অনুষ্ঠানটোত কল্পজ্যোতি নেওগ, লোহিত দেউৰী, সুনীল নাথ, ধ্ৰুৱ সন্দিকৈৰ দৰে লোকেও উপস্থিত থাকে। উল্লেখ্য যে, জলাশয় সংৰক্ষণ সমিতিয়ে ইতিমধ্যেই কৰ্ম-সংস্কৃতিৰ বাবে এক বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে। সমিতিৰ সভাপতি সত্যেন্দ্ৰনাথ শৰ্মা আৰু সম্পাদক অৰুণ মহন্ত জানিবলৈ দিয়া মতে জলাশয় সংৰক্ষণ সমিতিয়ে বিগত বছৰৰ পৰা কাপলা মহলত এক-ডেৰ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰি মীন পালনৰ কাম কৰি আহিছে।

সোমবাৰে পাঁচশ উন্নত জাতৰ হাঁহৰ ফাৰ্ম মুকলি কৰাৰ পাছত পৰৱৰ্তী সময়ত বিজ্ঞান সন্মত ভাৱে গাহৰি পালনৰ পৰিকল্পনা কৰিছে। শিক্ষিত যুৱক হোৱাৰ পাছতো চাকৰিৰ সন্ধানত সময় নষ্ট নকৰি এনেদৰে স্ব-নিয়োগৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা, নিশ্চিতভাৱে এক নিদৰ্শন হৈ পৰিছে। অঞ্চলটোৰ শিক্ষিত যুৱকসকলে জলাশয় সংৰক্ষণ সমিতিৰ কৰ্মস্পৃহাক অনুকৰণ কৰিবলৈ আৰ্থ-সামাজিকভাৱে সচেষ্ট সকলে আহ্বান জনাইছে।