অসম

ৰাষ্ট্ৰীয় কিক বক্সিঙত সোণৰ পদকেৰে উজ্বলিল বৰপেটাৰ শ্ববনম, অসংখ্য শুভাকাংক্ষীৰ শুভেচ্ছা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ উত্তৰাখণ্ডৰ ডেৰাডুনত ৰাষ্ট্ৰীয় কিক বক্সিং ফেডাৰেচনৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কিক্ বক্সিং কাপ-২০১৯ প্ৰতিযোগিতাত অসমৰ ১৯ গৰাকী প্ৰতিযোগীৰ পৰা অসমে ছয়টা স্বৰ্ণপদক আৰু সাতটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত বৰপেটা জিলাৰ হাউলীস্থিত ছাবলাইম একাডেমীৰ বিজ্ঞান শাখাত প্ৰথম বাৰ্ষিকত অধ্যয়নৰত ছাত্ৰী শ্ববনম আকতাৰাই সোণৰ পদক অৰ্জন কৰি বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

গোমাফুলবাৰীৰ বাসিন্দা প্ৰয়াত আয়ুব খান আৰু ছাফিয়া খাতুনৰ সুকন্যা শ্ববনম আকতাৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত গোমাফুলবাৰীৰ জন্মস্থান আৰু হাউলীস্থিত ছাবলাইম একাডেমীৰ লগতে সমগ্ৰ জিলাখনতেই উচাহৰ ঢল বৈছে। বৃহস্পতিবাৰে নিশা ছবনমে ঘৰ আহি পোৱাৰ খবৰৰ পিছতে শুকুৰবাৰে পুৱা ৯ বজাত ছাবলাইম একাডেমীত অনুষ্ঠানটিৰ শিক্ষক- কৰ্মচাৰীৰ সৈতে শিক্ষাৰ্থী সকলে হাউলীস্থিত ত্ৰিকণ্যা বিবাহ ভৱনৰ সন্মুখত আকতাৰাক আদৰণী জনোৱাৰ পিছত হাউলী চাৰিআলিৰ মাজেৰে এক বিশাল শোভাযাত্ৰা উলিয়াই শ্ববনমক উষ্ম আদৰণি জনায়।

আনকি সমগ্ৰ অসমৰ ভিতৰতে তেওঁ যি সুনাম কঢ়িয়াই আনি এই বিশেষ অনুষ্ঠানলৈ গৌৰৱ কঢ়িওৱাত অৰিহণা যোগালে তাৰ বাবে শ্ববনমক আন্তৰিক অভিনন্দন জনায় একাডেমীৰ সঞ্চালক ড০ দেৱান নজৰুল কাদিৰে। আনহাতে একাডেমীত শ্ববনমৰ আদৰণী জনোৱাৰ বাবে অনুষ্ঠিত সম্বৰ্ধনা পৰ্বতো একাডেমীৰ কলেজ শাখাৰ অধ্যক্ষা জামিলা বেগম, হাইস্কুল শাখাৰ অধ্যক্ষ নাজিম উদ্দিন দেৱান, উপাধ্যক্ষ হেলাল উদ্দিন, প্ৰৱক্তা ৰেজাউল খান, স্বহৰ আলী, প্ৰথম বাৰ্ষিক, দ্বিতীয় বাৰ্ষিক আৰু খান হোষ্টেলসহ অনুষ্ঠানটিৰ ভালে সংখ্যক শুভাকাংক্ষীয়ে তেওঁক জাপি, গামোচা, ফুলৰ থোপা আৰু মানপত্ৰ প্ৰদান কৰি হিয়া উজাৰি শুভেচ্ছা জনায়।

উক্ত অনুষ্ঠানত উপস্থিত থাকি কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক তথা মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ 'মাছ'ৰ বৰপেটা জিলা সমিতিৰ সচিব ছাহেদ আলী আহমেদে শ্ববনমৰ সৈতে তেওঁৰ মাতৃ আৰু ছাবলাইম পৰিয়ালবৰ্গক আন্তৰিক শুভেচ্ছা জনায়। তেওঁক ভৱিষ্যতে আন্তৰ্জাতিক পৰ্যায়ত খেলিবলৈ সহায়-সহযোগ কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সঞ্চালক ড০ দেৱান নজৰুল কাদিৰকো আহ্বান জনায়।

আনহাতে ছাবলাইমৰ সঞ্চালক ড০ নজৰুল কাদিৰে শ্ববনমৰ দুবছৰীয়া অধ্যয়ন কালৰ সকলো একাডেমীক মাচুল মুক্ত কৰি দিয়াৰ ঘোষণা কৰে। শ্ববনমে তেওঁৰ দেউতাকৰ আশা পূৰণৰ বাবে ভৱিষ্যতে এগৰাকী সুচিকিৎসক আৰু ভাল খেলুৱৈ হ'ব বিচাৰে। তেওঁৰ আশা পূৰণ হওক তাকেই কামনা কৰিছে সকলো শুভাকাংক্ষীয়ে।