অসম

বৰপেটাত গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ, পঞ্চায়ত-উন্নয়ন খণ্ডৰ কাৰ্যালয় ঘেৰাও

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১নং ভেল্লা গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেক কৰাৰ নামত ব্যাপক দুৰ্নীতি আৰু খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। সোমবাৰে ১নং ভেল্লা গাঁও পঞ্চায়তৰ অধীনস্থ তিনি শতাধিক লোকে পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰাৰ উপৰিও বৰপেটা উন্নয়ন খণ্ডৰ খণ্ড বিষয়াক বিচাৰি গৈ কাৰ্যালয় ঘেৰাও কৰে যদিও ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মিনাৰ্ভা দেৱী কাৰ্যালয়ত উপস্থিত নথকাত ভাৰপ্ৰাপ্ত গাণনিক বিষয়া দেৱজিত দাসক মৌখিক অভিযোগ দিয়ে ক্ষোভিত ৰাইজে।

উল্লেখ্য যে, ১নং ভেল্লা গাঁও পঞ্চায়তত দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোকৰ নামত আবন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেকৰ দায়িত্বত থকা গ্ৰাম ৰোজগাৰ সহায়ক আনোৱাৰ হুছেইন আৰু গাণনিক বিষয়া নিপুল কলিতাই কচিম আলী নামৰ এগৰাকী দালাল প্ৰকৃতিৰ লোকৰ সহযোগত পঞ্চায়ত সভানেত্ৰী আফিয়া বেগমক অন্ধকাৰত ৰাখি ধনৰ লেনদেনৰ বিনিময়ত জিঅ' টেক কৰাৰ অভিযোগ উত্থাপিত কৰিছে একাংশ স্থানীয় লোকে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ২০১৭/২০১৮ বৰ্ষৰ তালিকা অনুসৰি পঞ্চায়তখনত ৩০ শতাংশও জিঅ টেকৰ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে জিঅ টেক কৰাৰ সময়ত এফালৰ পৰা হিতাধিকাৰীসকলৰ জিঅ' টেক নকৰি মাজে মাজে জিঅ' টেক কৰাৰ অভিযোগ উঠিছে।

যিসকল লোকে উৎকোচ দিছে তেওঁলোকৰহে জিঅ' টেক কৰা বুলি ক্ষোভিত ৰাইজে উল্লেখ কৰে। ইতিমধ্যে যোৱা ৭ মাৰ্চত জিঅ' টেকৰ কাম বন্ধ হোৱাত বঞ্চিত হিতাধিকাৰীসকলে দুঃচিন্তাত ভুগিছে। এই সন্দৰ্ভত পঞ্চায়ত সভানেত্ৰী আফিয়া বেগমে কোনো কথা নাজানে বুলি কোৱাৰ লগতে খণ্ড উন্নয়ন বিষয়াৰ নিৰ্দেশত জিঅ' টেকৰ কাম চলি থকা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। অভিযুক্ত গ্ৰাম ৰোজগাৰ সহায়ক আৰু গাণনিক বিষয়াজনৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কতৃপক্ষৰ ওচৰত দাবী জনায় প্ৰতিবাদী ৰাইজে।