অসম

শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি চৰকাৰে অসমীয়া ভাষা নিঃশেষ কৰিবলৈ লোৱাৰ প্ৰতিবাদত সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল উত্তাল হৈ থকাৰ সময়তে অসম চৰকাৰৰ শিক্ষা বিভাগৰ কৰ্মকাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে। এইবাৰ শিক্ষা বিভাগে অসমীয়া মাধ্যমৰ বিদ্যালয়ত যোগান ধৰিলে বাংলা ভাষাৰ পুথি।

বৰপেটা জিলাৰ চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ১৫৩১ নং কদমতলা প্ৰাথমিক বিদ্যালয়খনক যোগান ধৰা হৈছে বাংলা ভাষাৰ পুথি। বাংলা ভাষাৰ চতুৰ্থ শ্ৰেণীৰ গণিত অনুশীলন পুথিখনে এতিয়া বৃহত্তৰ চেঙা অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক অঞ্জন কুমাৰ ভড়ালীয়ে যোৱা ৩ ডিচেম্বৰত চেঙা শিক্ষাখণ্ডৰ পৰা সংগ্ৰহ কৰিছিল নতুন বৰ্ষৰ বাবে পাঠ্যপুথি। তাৰ ভিতৰত চতুৰ্থ শ্ৰেণীৰ গণিত অনুশীলন পুথিখন বাংলা ভাষাৰ। বাংলা ভাষাৰ চতুৰ্থ শ্ৰেণীৰ গণিত অনুশীলন পুথিখনে এতিয়া বৃহত্তৰ চেঙা অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই সম্পৰ্কত চেঙা শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া নৱজিৎ বায়নে এয়া দুৰ্ভাগজনক বুলি দোহাৰে। বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপেন তালুকদাৰে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তদন্তৰ দাবী কৰিছে। অসমীয়া ভাষা নিঃশেষ কৰিবলৈ চৰকাৰী পক্ষই ষড়যন্ত্ৰ চলোৱাৰ ই এক নিকৃষ্ট উদাহৰণ বুলিও অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতা দিপেন তালুকদাৰে।