অসম

বহৰিৰ নিখোজ ছাত্ৰৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উদ্ধাৰ এছ ডি আৰ এফ বাহিনীৰ

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটাৰ বহৰিত শুকুৰবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈ থকা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাকিব মিঞা(৮)ৰ মৃতদেহ শনিবাৰে এছ ডি আৰ এফে উদ্ধাৰ কৰে। উল্লেখ্য যে, শুকুৰবাৰে বহৰি কলতলীৰ জামাল মিঞাৰ পুত্ৰ ছাকিবে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল। তাৰ পিছৰ পৰাই নিখোজ হৈ আছিল ছাত্ৰগৰাকী।

বহৰি বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিল ছাকিব। খবৰ পাই শুকুৰবাৰে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল। শনিবাৰে পুৱা ১০.৪৫ বজাত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে ছাত্ৰগৰাকীৰ মৃতদেহ।

ঘটনা সংঘটিত হোৱাৰ পিছতেই তাৰাবাৰী আৰক্ষী, চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস ঘটনাস্থলীত উপস্থিত হয়। শনিবাৰে পুৱা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰেও বহৰি পাৰঘাট আৰু চাকিব ভূঞাৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

তাৰাবাৰী আৰক্ষী থানাই মৃতদেহটো বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।