অসম

মহকুমা প্ৰশাসনৰ সহযোগত বৰপথাৰ পৌৰসভাৰ অবৈধ দোকান-ঘৰ উচ্ছেদ…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰ পৌৰসভাই মহকুমা প্ৰশাসনৰ সহযোগত মঙলবাৰে নগৰখনৰ ১নং আৰু ২নং ৱাৰ্ডৰ পদপথৰ লগতে পথৰ কাষত অবৈধভাৱে নিৰ্মাণ কৰা দোকান, ঘৰ আদি উচ্ছেদ অভিযান চলায়।

মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সীমান্ত দণ্ডাধিশ প্ৰাণজিৎ দেৱ আৰু পৌৰসভাৰ সভাপতি শৈলেশ কুমাৰ সিঙে তদাৰক কৰে এই উচ্ছেদ অভিযান। পৰ্যায় ক্ৰমে পৌৰসভায়ে ৩নং, ৪নং ৱাৰ্ডটো উচ্ছেদ চলাব বুলি জানিবলৈ দিয়ে।