অসম

বৰপথাৰৰ আনন্দ মেলাত জুৱা, আৰক্ষীয়ে চলালে উচ্ছেদ…

asomiyapratidin

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ মাজমজিয়াত অনুষ্ঠিত হৈ থকা আনন্দ মেলাত ব্যাপক হাৰত জুৱাৰ প্ৰয়োভৰ দেখা গৈছে। যাৰবাবে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ অভিযোগৰ ভিত্তিত বুধবাৰে নিশা বৰপথাৰ আৰক্ষীয়ে জুৱা ঘাটিসমূহত উচ্ছেদ চলাই আৰু জুৱাত ব্যৱহৃত সা-সামগ্ৰীসমূহ জব্দ কৰি নিয়ে।

এটা ৰাজনৈতিক দলৰ দুগৰাকীমান সদস্যই নিষ্ক্ৰিয় সন্থাৰ সাহাৰ্যাথে বুলি মহকুমা প্ৰশাসনৰ পৰা অনুমতি লৈ জুৱাৰ প্ৰয়োভৰ ঘটোৱাত সচেতন লোকৰ চকু কপালত উঠে। চুতীয়া ছাত্ৰ সন্থাৰ কেইবাজনো নেতাই বুধবাৰে এক অভিযোগৰ অনুসন্ধান কৰিবলৈ গৈ ব্যাপক হাৰত জুৱা খেলি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী থানাৰ অচি যোছেফ কেভমৰ নেতৃত্বত অহা আৰক্ষী দলটোয়ে জুৱাৰ আদ্দা উচ্ছেদ কৰে।

দুদিনমানৰ আগতে আৰম্ভ হোৱা আনন্দ মেলাত জুৱাই ব্যাপকতা পোৱাৰ বিষয়টোৱে ৰাইজক চিন্তিত কৰি তুলিছে। আনহাতে, অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰিব পৰা এনেধৰণৰ ব্যাধিসমূহৰ বিৰুদ্ধে মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল'ব বুলি ৰাইজে আশা প্ৰকাশ কৰে।