অসম

বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত আঞ্চলিক জাতীয় বিদ্যালয়ে ১০০ শতাংশ উত্তীৰ্ণৰে কঢ়িয়ালে সুনাম

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত আঞ্চলিক জাতীয় বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে পৰীক্ষাৰ্থীসকলে। আঞ্চলিক জাতীয় বিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থীয়ে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লৈ উত্তীৰ্ণ হৈছে। আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা ৮(আঠ)গৰাকী পৰীক্ষাৰ্থীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইগৰাকী পৰীক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে।

ইয়াৰ ভিতৰত দুগৰাকী ডিষ্টিংচন, এগৰাকী ষ্টাৰ, চাৰিগৰাকী প্ৰথম বিভাগ আৰু এগৰাকী পৰীক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো আঞ্চলিক জাতীয় বিদ্যালয়খনৰ পৰা এশ শতাংশই উত্তীৰ্ণ হৈছে পৰীক্ষাৰ্থী। ডিষ্টিংচন লাভ কৰা আবু ছুফিয়ানে আটাইকেইটা বিষয়ত লেটাৰসহ মুঠ ৫৫৬ নম্বৰ(ইংৰাজী-৯২, অসমীয়া- ৮৫, গণিত-৯৮, সাধাৰণ বিজ্ঞান- ৯২, পৰিবেশ বিজ্ঞান- ৯১ , ঐচ্ছিক গণিত-৯৮) লাভ কৰিছে।

আনহাতে জয়শ্ৰী কলিতাইও আটাইকেইটা বিষয়ত (ইংৰাজী-৮৫, অসমীয়া-৮২, গণিত-৮৩, সাধাৰণ বিজ্ঞান-৮৪, পৰিবেশ বিজ্ঞান-৮৪, সংস্কৃত-৯২) লেটাৰসহ মুঠ ৫১০ নম্বৰ লাভ কৰিছে। হাচনাৰা বেগমে ষ্টাৰ নম্বৰ (ইংৰাজী-৮৭, গণিত-৮৪, হিন্দী-৮৫) লাভ কৰাৰ বিপৰীতে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে অনুপজ্যোতি নাথ(ইংৰাজী-৮১), ৰুণা লাইলা (হিন্দী-৮৩), নিলোৎপল চৌধুৰী( ইংৰাজী-৮০) আৰু দেৱাশীষ গোস্বামীয়ে (গণিত-৮৬,হিন্দী-৮১)।

ইয়াৰ ভিতৰত আবু ছুফিয়ানে জনতা হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে ৯২.৬৭ শতাংশেৰে সৰ্বোচ্চ নম্বৰ লাভ কৰাত স্বাভাৱিকতে আঞ্চলিক জাতীয় বিদ্যালয়খনত আনন্দৰ জোৱাৰ উঠিছে। আঞ্চলিক জাতীয় বিদ্যালয়খনৰ এনে আশানুৰূপ ফলাফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীবৃন্দ, পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলো উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। ব্যক্তিগতখণ্ডৰ এইখন শিক্ষানুষ্ঠানে স্থাপন হোৱাৰ পিছৰে পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নত ফলাফল দেখুৱাই অহাত সচেতন অভিভাৱকৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে।