অসম

বিলাসীপাৰাৰ বৰকান্দা পৰীক্ষা কেন্দ্রত অঘটন

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাকেন্দ্ৰসমূহত অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৪। পৰীক্ষা চলি থকাৰ সময়তে বিলাসীপাৰাৰ বৰকান্দা পৰীক্ষা সংঘটিত হ'ল অঘটন।

জানিব পৰামতে পৰীক্ষাৰ্থীৰ ওপৰত আৰক্ষী আৰু CRPFৰ জোৱানে লাঠিচালনা কৰাৰ ঘটনা সংঘটিত হৈছে। ফলত কেইবাজনো পৰীক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়। জানিব পৰামতে পৰীক্ষা শেষ হোৱাৰ সময়ত পৰীক্ষাৰ্থীৰ ভিৰ নিয়ন্ত্ৰণ কৰিব যাওতে এই ঘটনা সংঘটিত হয়।

আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে ভিৰ নিয়ন্ত্রণৰ বাবে লাঠি চালনা কৰাৰ ফলত কেইবাগৰাকী শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হয়। ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ বাবে স্থানীয় ৰাইজে দাবী জনায়।