অসম

বঢ়মপুৰত বন্যহস্তীৰ উপদ্ৰৱ, ভয়াৱহ ৰূপত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত…

asomiyapratidin

ডিজিটেল সংবাদ,চামগুৰিঃ নগাঁৱৰ বিভিন্ন প্ৰান্তত এতিয়া ভয়াৱহ ৰূপত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ।কিছুদিনৰ পৰা নগাঁৱৰ বঢ়পুৰৰ বিভিন্ন প্ৰান্তত এটা বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰিছে ।

ইয়াৰ সমান্তৰালভাৱে মঙলবাৰে পুৱতি নিশাও পুনৰ বন্যহস্তীৰ এটা জাকে নগাঁৱৰ বঢ়মপুৰৰ নেধাৰ গাঁৱত তাণ্ডৱৰ সৃষ্টি কৰে ।বন্যহস্তীৰ জাকটোৱে বঢ়মপুৰৰ নেধাৰগাঁৱৰ ভদ্ৰেশ্বৰ শইকীয়া ,গোপাল শইকীয়া আৰু মিঠাৰাম শইকীয়া নামৰ লোককেইজনৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে উক্ত পৰিয়াল কেইটা ।

আনহাতে প্ৰতি দিনাই খাদ্যৰ সন্ধানত কন্দলি পাহাৰৰ পৰা নামি আহি বঢ়মপুৰৰ বিভিন্ন অঞ্চলত উপদ্ৰৱৰ সৃষ্টি কৰা বন্যহস্তীৰ জাকটোক খেদি পঠোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় বন বিভাগৰ লোক ।উল্লেখ্য যে পাৰ্কোপ পাহাৰকে ধৰি কন্দলী পাহাৰতো বন্যহস্তীৰ বিচৰণস্থলীত এচাম অসাধু চক্ৰই অবাধে শিলৰ কোৱাৰি বহুৱাই শিল খনন অব্যাহত ৰখাৰ ফলতেই ভয়াবহৰূপত বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত ।