অসম

শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি সফলতাৰ ধাৰা অক্ষুণ্ন ৰাখিলে বঢ়মপুৰ শংকৰ মিছন অন্ধ বিদ্যালয়ে

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ সফলতাৰ ধাৰা অক্ষুণ্ন ৰাখিবলৈ সক্ষম হ'ল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয় ।১০০শতাংশ উৰ্ত্তীণৰে শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিজয়ৰ ধাৰা অক্ষুণ্ন ৰাখিলে বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে ।বৃহস্পতিবাৰে ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।এই পৰীক্ষাৰ ফলাফলত উজ্বলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী।

বিদ্যালয়খনৰ পৰা মুঠ দুগৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয় খনৰ ছাত্ৰ জয়ন্ত বৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে।

আনহাতে বিদ্যালয়খনৰ ছাত্ৰী মমিতা বিশ্বাস উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ পৰ্যাপ্ত নাছিল কিতাপ, ৰেকৰ্ডিং শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাইটীয়া পথেৰে দুয়োগৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্ত্তীণ হৈছিল পৰীক্ষাত।আৰু কিতাপ নথকা প্ৰত্যাহবান বুকুত বান্ধিয়ে সফলতাৰে উৰ্ত্তীণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰ-ছাত্ৰী দুগৰাকীয়ে।ছাত্ৰ-ছাত্ৰী দুজনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলো।