অসম

বঢ়মপুৰত ঐতিহ্যমণ্ডিত ঘোগৰজলাহত ম’হ যুঁজৰ প্ৰতিযোগিতা…

asomiyapratidin

ডিজিটেল সংবাদ, বঢ়মপুৰ: মাঘ বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি শনিবাৰে নগাঁও জিলাৰ বঢ়মপুৰৰ ঘোগৰ জলাহত ৭২ সংখ্যক ম'হ যুঁজ প্ৰতিযোগিতাখন অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা স্বত্ত্বেও ভোগালীৰ ঐতিহ্যমণ্ডিত পৰম্পৰাক ধৰি ৰাখি বঢ়মপুৰৰ ঘোগৰজলাহ ম'হ যুঁজ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত বঢ়মপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩৪ যোৰা গোনা ম'হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে ।

উক্ত ম'হ যুঁজ প্ৰতিযোগিতাৰ "ক" শাখাৰ প্ৰথম স্থান বিৰহীগাঁৱৰ ৰূপা শইকীয়া আৰু দ্বিতীয় স্থান পোটনি কুমাৰগাঁৱৰ বগাই শইকীয়াৰ ম'হে লাভ কৰে । দুয়োটা ম'হে ৫ মিনিট ২৩ চেকেণ্ড যুঁজ দিয়ে । আনহাতে "খ" শাখাৰ প্ৰথম স্থান পানীখাইতিৰ তমিজ উদ্দিন আৰু দ্বিতীয় স্থান পোটনি কুমাৰগাঁৱৰ প্ৰণৱ নাথৰ ম'হে লাভ কৰে । দুয়োটা ম'হে ১৮ মিনিট ৩০ চেকেণ্ড যুজঁ প্ৰদৰ্শন কৰে ।

বিচাৰক হিচাপে প্ৰমোদ বৰা আৰু শ্যাম চন্দ্ৰ বৰুৱাই অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত সূতাৰগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা শনিবাৰৰ মুকলি সভাৰ সভাপতি যোগেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত স্থানপ্ৰাপ্ত ম'হৰ গৰাকীক নগদ ধন আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হয় ।