অসম

কাছাৰৰ কালাইনত জব্দ ৬৩ বস্তা অবৈধ বাৰ্মিজ চুপাৰি

asomiyapratidin

কাছাৰৰ কালাইনত জব্দ ৬৩ বস্তা অবৈধ বাৰ্মিজ চুপাৰি

ডিজিটেল সংবাদ ,শিলচৰ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ চুপাৰী উদ্ধাৰ হোৱাৰ সময়তে বৰাক উপত্যকাৰ কাছাৰক নিৰাপদ কৰিড'ৰ হিচাপে ব্যৱহাৰ কৰি ৰাজহ ফাঁকিৰে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে একাংশ অসাধু চক্ৰই। অবৈধ চুপাৰি বেহা চলোৱা মাফিয়াৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে কাছাৰ আৰক্ষী৷ অবৈধ ভাবে মজুত কৰি ৰখা বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাইছে আৰক্ষীয়ে ৷ তিনিদিন পুৰ্বে ধলাই সমষ্টিৰ কাবুগঞ্জৰ এটা গোডামৰ পৰা দুই শতাধিক বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ পিছত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে  শুকুৰবাৰে পুনৰ কালাইনত অভিযান চলাই ৷ কালাইনৰ  বাঘপাৰাৰ এটা গোডামত অভিযান চলাই কালাইন আৰক্ষীয়ে ৬৩ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়

ইফালে, আৰক্ষীক দেখা মাত্ৰেই পলায়ন কৰিবলৈ সক্ষম হয়  অবৈধ চুপাৰিৰ গৰাকী ৷ জব্দকৃত চুপাৰি খিনিৰ মূল্য কেবা লাখ টকা হব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷ চুপাৰি খিনিৰ গৰাকী কোন সেয়া তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে সদৰী কৰা নাই যদিও চুপাৰিৰ গৰাকী কালাইনৰ জনৈক ছেলিম বুলি জানিব পৰা গৈছে ৷  চৌধুৰী উপাধীৰ এজন লোকৰ ঘৰত ভাড়া লৈ চুপাৰি খিনি মজুত কৰিছিল বুলি জানিব পৰা গৈছে৷ ইফালে,  চুপাৰিৰ গৰাকীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখাৰ কথা উল্লেখ কৰে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াই ৷ পৰবৰ্তী সময়ত কাছাৰত বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান এইদৰে অব্যাহত থাকিব বুলিও সদৰী কৰে আৰক্ষী বিষয়া গৰাকীয়ে ৷