অসম

বনিয়াকুছিত “কা” বাতিলৰ দাবীত জনসভা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুতলা মুখ্যমন্ত্ৰীঃ অজিত কুমাৰ ভূঞা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ "অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আচলতে এগৰাকী পুতলা মুখ্যমন্ত্ৰী"। সোমবাৰে বৰপেটাৰ বনিয়াকুছিত এই মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই। সৰুক্ষেত্ৰী ছাত্ৰ সমাজ আৰু সৰুক্ষেত্ৰী শিল্পী সমাজৰ উদ্যোগত সোমবাৰে বিয়লিৰ ভাগত বনিয়াকুছিৰ পঞ্চগ্ৰাম ৰাসখোলাত অনুষ্ঠিত "কা" বিৰোধী প্ৰতিবাদী জনসভাত অজিত কুমাৰ ভূঞাই বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে।

ভাষণ প্ৰসংগত তেওঁ পুনৰ কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অকল এঘৰীয়া হোৱাই নহয় ইতিহাসৰ পাতত আটাইতকৈ দুৰ্বল মুখ্যমন্ত্ৰী হিচাপে লিখা থাকিব। একেদৰে সংশোধিত নাগৰিকত্ব আইন অকল অসমক উদ্দেশ্য কৰিহে বিজেপি চৰকাৰে প্ৰণয়ন কৰা বুলিও অভিযোগ উত্থাপন কৰে।

কলেজ শিক্ষক সন্থাকো তীব্ৰ সমালোচনা কৰি অজিত কুমাৰ ভূঞাই কয় যে, "কলেজ শিক্ষক সন্থা মন্ত্ৰীৰ পকেটত সোমাইছে।" সমবেত সংগ্ৰামী জনগণক উদ্দেশ্য কৰি জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই কয় যে, অসমীয়া জাতীয় স্বাৰ্থৰ ৰক্ষাৰ বাবে আন্দোলন তীব্ৰ কৰিব লাগিব।

উক্ত প্ৰতিবাদী জনসভাত নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকৰ, সন্দিকৈ কলেজৰ ছাত্ৰী তথা বিশিষ্টা তাৰ্কিক কস্তৰী চুতীয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰাৰ উপৰি যশস্বী কন্ঠশিল্পী ৰূপম ভূঞাই সংগীত পৰিৱেশন কৰি ৰাইজক ভূপেন হাজৰিকাৰ গীতসমূহ অনুভৱ কৰিবলৈ আহ্বান জনায়।

লগতে ৰূপম ভূঞাই "কা" বাতিল কৰিবলৈ চৰকালৈ আহ্বান জনায়। যদি চৰকাৰে এই আইন বাতিল নকৰে তেতিয়া গণতান্ত্ৰিকভাৱে তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন কৰি হ'লেও আমি কা বাতিল কৰিব লাগিব বুলিও হুংকাৰ দিয়ে ৰূপম ভূঞাই।

সন্দিকৈ কলেজৰ ছাত্ৰী কস্তুৰী চুতীয়াই ভাষণ প্ৰসংগত চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে- "আজি 'কা' নামানো বুলি আমি সজোৰে ক'ব নোৱাৰোঁ চৰকাৰী নেতা-পালিনেতাৰ আগত, তেওঁলোকে মাৰি দিব উদং ৰাজপথত। কিন্তু তাৰ পিছতো কওঁ কাঠৰ গড় পচি যায়, মাটিৰ গড় খহি যায়। কিন্তু আদৰ্শ এনে এক গড়; যি কেতিয়াও নজহে, যি কেতিয়াও নখহে।" যদি আমাৰ ভোটাধিকাৰ আছে তেন্তে আমাৰ চৰকাৰক প্ৰশ্ন কৰাৰ অধিকাৰো আছে বুলি মন্তব্য কৰে কস্তুৰী চুতীয়াই। সংশোধিত নাগৰিকত্ব আইন বাতিল নকৰালৈকে তীব্ৰ আন্দোলন চলাই যাব বুলিও সভাতখনত সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰে।