অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত অবৈধ বাংলাদেশীয়ে চাকৰি কৰি লৈ আছে দৰমহা…

asomiyapratidin

ডিজিটেল সংবাদ, মৰিগাঁওঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানী বিভাগত এতিয়া চলিছে বাংলাদেশীৰ দপদপনি ৷ ২০১৮ বৰ্ষৰ ৩১ জানুৱাৰীৰ তাৰিখে মহামান্য উচ্চ ন্যায়ালয়ে বাংলাদেশী বুলি ঘোষণা কৰা মৰিগাঁও গড়কাপ্তানী বিভাগৰ (গ্ৰাম্য সংমণ্ডলৰ) এগৰাকী কৰ্মচাৰী আজি পৰ্যন্ত পাই আছে চৰকাৰী দৰমহাৰ লগতে সকলো সুবিধা ৷

এইজন গড়কাপ্তানি বিভাগৰ এই কৰ্মচাৰীজনৰ নাম চিৰাজ আলী। চিৰাজ আলীক মৰিগাঁৱৰ ২ নং বিদেশী ন্যায়াধিকৰণত চলি থকা এফ টি (চি)৩৫০/২০১৪ নং গোচৰত ২০১৪চনৰ ১৯ জুনত তাৰিখে বিদেশী ঘোষণা কৰাৰ পিছত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ পৰা সাময়িক ভাবে জামিন লাভ কৰিছিল।

কিন্তু উচ্চ ন্যায়ালয়ত ৬৭৭১/১৪ নং গোচৰত চিৰাজ আলীৰ পৰিয়ালক পুনৰ ২০১৮চনৰ ৩১ জানুৱাৰীত জামিন নাকচ কৰি বিদেশী বুলি ঘোষনা কৰে। ৰহস্যজনক ভাবে বিদেশী ঘোষণা কৰা পি ডব্লিউ ডিৰ কৰ্মচাৰী চিৰাজ আলীয়ে আজিলৈ বিভাগৰ পৰা লাভ কৰি আছে ২৭ হাজাৰ টকাকৈ চৰকাৰী দৰমহা।

আনহাতে, মৰিগাঁও গড়কাপ্তানি বিভাগৰ অভিযন্তা জগত দাসে এই বিষয়ে হেনো একো গম নাপায়। মেডিকেলজনিত কাৰণতেহে ছুটীত থকা বুলি জানে। ছুটী বিচাৰি চিৰাজ আলীয়ে কৰা আৱেদনখন কোনে দিলে, গমেই নাপায় হেনো বিষয়া গৰাকীয়ে।