অসম

অসমৰ ভোটাৰ কাৰ্ডত বাংলা ভাষা, সৰ্বত্ৰে প্ৰতিক্ৰিয়া

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে শাসন ভাৰ গ্ৰহণৰ পিছৰে পৰা এটাৰ পিছত এটাকৈ শলঠেকত পৰিবলগীয়া হৈছে অসমীয়া জাতি। নাগৰিকত্বহ সংশোধনী বিধেয়কৰ জৰিয়তে ৰাজ্যখনত হিন্দু বাংলাদেশী জাপি দিবলৈ ওলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ সময়তে এইবাৰ ভোটাৰ পৰিচয় পত্ৰত দেখা গৈছে বাংলা ভাষাৰ পয়োভৰ।

জিলাখনৰ ভিন্ন স্থানত ৰাজ্যিক নিৰ্বাচন আয়োগে নতুনকৈ বিতৰণ কৰিবলৈ লোৱা ভোটাৰ পৰিচয় পত্ৰত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰাত সকলোৰে চকু কপালত উঠিছে। এনে কাৰ্যৰ জৰিয়তে অসমীয়া ভাষাক কৌশলৰে নিঃশেষ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে গোপন ষড়যন্ত্ৰ ৰচান কৰাৰ অভিযোগ তুলিছে একাধিক দল-সংগঠনে।

বিষয়টো সন্দৰ্ভত ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংগঠনটোৱে কি কাৰণত অসমত অসমীয়া ভোটাৰ ৰাইজক বিতৰণ কৰা ভোটাৰ কাৰ্ডত বাংলা ভাষা ব্যৱহাৰ কৰিবলগীয়া হ'ল বুলি প্ৰশ্ন কৰি জিলা প্ৰশাসনক কম সময়ৰ ভিতৰতে সেয়া সলনি কৰিবলৈ দাবী জনাই উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ইফালে, ওদালগুৰিৰ লগতে আনকেবাখনো জিলাত ৰাজ্যিক নিৰ্বাচনী আয়োগে নতুনকৈ বিতৰণ কৰিবলৈ লোৱা ভোটাৰ কাৰ্ডৰ আৱৰণত বাংলা ভাষা ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ মাজুলী জিলাৰ কমলাবাৰী থানাৰ অন্তৰ্গত বেঙেনাআটীৰ এজন ছাত্ৰৰ নতুনকৈ পঞ্জীয়ন হোৱা ভোটাৰ কাৰ্ডৰ ক'ভাৰত বাংলা ভাষা ছপা হোৱাৰ খবৰ পোৱা গৈছে।

ইমানেই নহয়, আগৰ কাৰ্ড হেৰোৱা বহুজনে নতুনকৈ ভোটাৰ কাৰ্ডৰ বাবে আবেদন জনাবৰ বাবে প্ৰ-পত্ৰ আনিবলৈ গৈ হতভম্ব হৈ পৰিছে। কিয়নো এই আবেদন পত্ৰ আছে বাংলা ভাষাত। তাত স্পষ্টকৈ লিখা আছে যে কেৱল বাংলা অথবা ইংৰাজী ভাষাতহে আবেদন জনাব পাৰিব।

বিষয়টোক লৈ ছ'চিয়েল মিডিয়াতো সৰৱ হৈ পৰিছে সচেতন লোকসকল। শীঘ্ৰে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি যুৱ-ছাত্ৰ পৰিষদৰ লগতে একাধিক দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিছে।