অসম

বঙাইগাঁও জিলা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন আৰু জ্যোতি দিৱস বৃহস্পতিবাৰে খগৰপুৰ স্বৰ্ণ শাখা সাহিত্য সভাৰ সৌজন্যত খগৰপুৰ শালবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হৈ যায় ৷ পুৱা ৯ বজাত জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ পাতনি মেলে ৷ ইয়াৰ পিছতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে খগৰপুৰ শালবাৰী উচ্চ মাধ্যমিক বিদ্যালযৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিভা ৰায়ে ৷

পুৱা ১০ বজাত জিলা সভাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পিছত প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন মুকলি কৰে জিলা সভাৰ প্ৰাক্তন সম্পাদক বিক্ৰম মেধিয়ে ৷ প্ৰতিনিধি সভাত সম্পাদক অৰূপ কুমাৰ পাঠকে বিগত সময়ছোৱাৰ কাম কাজৰ খতিয়ান স্বৰূপে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ৷ আনহাতে প্ৰতিনিধি সভাই জিলা সভাৰ পৰবৰ্তী দ্বিবাৰ্ষিক অধিৱেশনখন চোকাপাৰা শাখা সাহিত্য সভাৰ সৌজন্যত অনুষ্ঠিত কৰা হওক বুলি প্ৰস্তাৱ লোৱা হয় ৷

অধিৱেশনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়ে অসমৰ জাতীয সমস্যাসমূহ সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ প্ৰতিগৰাকী প্ৰতিনিধিকে আহ্বান জনায় ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ অসমীয়া ভাষা সাহিত্যৰ সাধনা কৰিবলৈও তেখেতে আহ্বান জনায় ৷ অনুষ্ঠানৰ অাৰম্ভণিতে প্ৰতিনিধিসকলক আদৰণি জনায় খগৰপুৰ স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক মোহন নাথে ৷