অসম

১০ লাখ টকাৰ বাবেই বঙাইগাঁৱত সুন্দৰী পত্নীক হত্যা কৰিলে শিক্ষক স্বামীয়ে…

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও সদৰ চহৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ চহৰখনৰ নতুনপাৰাৰ ৰাজ আদিত্য নামৰ যুৱকজনে পত্নী মীৰা দাসক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখ্য যে, মীৰা দাসৰ মৃতদেহ বাথৰূমত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে ৷ মীৰা দাস পেচাত মেকআপ আৰ্টিষ্ট ৷ মীৰা দাসৰ পৰিয়ালে অভিযোগ কৰামতে এবছৰ পূৰ্বে ধুবুৰীৰ বাসিন্দা
শিক্ষক তথা ফটোগ্ৰাফাৰ ৰাজ আদিত্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মীৰা দাস ৷ বিয়াৰ পিছৰে পৰা ৰাজ আদিত্যই মীৰা দাসৰ পৰিয়ালৰ পৰা যৌতুক হিচাপে দাবী কৰিছিল দহ লাখ টকা ৷

কিন্তু মীৰাৰ পৰিয়ালে দহ লাখ টকা আদায় নিদিয়াত ৰাজ আদিত্যই মীৰাৰ ওপৰত চলাই গৈছিল অকথ্য নিৰ্যাতন ৷ এনে পৰিস্থিতিৰ মাজতে যোৱা শনিবাৰে নিশা ৰহস্যজনক অৱস্থাত মীৰা দাসৰ মৃতদেহ উদ্ধাৰ হয় বাথৰূমৰ পৰা ৷

ঘটনা সংক্ৰান্তত মীৰা দাসৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে বঙাইগাঁও সদৰ থানাত ৷ আৰক্ষীয়ে ইতিমধ্যে ৰাজ আদিত্যক গ্ৰেপ্তাৰ কৰিছে ৷ ৰাজ আদিত্য হৈছে সদৰ চহৰখনৰ নেতাজী হিন্দী বিদ্যাপীঠৰ শিক্ষক ৷ ৰাজ আদিত্যই শিক্ষকতাৰ সমান্তৰালভাৱে চলাই গৈছিল ফটোগ্ৰাফাৰৰ কাম- কাজ ৷ ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সদৰ চহৰখনত ৷