অসম

বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ সিদলসতীত শনিবাৰে সন্ধিয়া ৰাইজে কৰায়ত্ত কৰে এটা ডকাইত৷ জামাল আলী নামৰ এই ডকাইতটোৱে যোৱা ৪ জুলাইত কোচবিহাৰত পিষ্টল দেখুৱাই অভয়াপুৰীৰ খোৰাগাঁৱৰ তহিদুল হ'ক নামৰ এজন যুৱ ব্যৱসায়ীৰ পৰা ২ লাখ ৯৭ হাজাৰ টকা লুটি নিয়ে৷

জামাল আলীৰ লগত আছিল আন দুজন লোক৷ পিছত তহিদুল হ'কে কোচবিহাৰ থানাত এজাহাৰ দাখিল কৰে৷ শনিবাৰে আবেলি তহিদুল হ'কে জামাল আলীক উত্তৰ শালমাৰাত প্ৰত্যক্ষ কৰে আৰু ৰাইজৰ সহযোগত পিছা কৰি সিদলসতীত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ৰাইজে ডকাইতটোক উত্তম মাধ্যম সোধাই উত্তৰ শালমাৰা আৰক্ষী চকীত গটাই দিয়ে৷