অসম

ন’ এণ্ট্ৰি বিজেপি নেতা! ঘৰত মহিলা আছে…, বঙাইগাঁৱত আজৱ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীয়ে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকাৰ সময়তে বঙাইগাঁও জিলা এন এছ ইউ আই-য়ে সাব্যস্ত কৰিছে আজৱ প্ৰতিবাদ৷

বঙাইগাঁও জিলা এন এছ ইউ আইৰ সভাপতি ছফিকুল ইছলামৰ নেতৃত্বত বঙাইগাঁও আৰু অভয়াপুৰীৰ বিভিন্ন স্থানত সাধাৰণ লোকৰ ঘৰত বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰি পোষ্টাৰ আঁৰিছে। মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে পোষ্টাৰিং কৰা বুলি সংগঠনটোৱে সদৰি কৰিছে।

আনহাতে, ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোহাঁইক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে সংগঠনটোৱে৷বিজেপি নেতাক নিষিদ্ধ কৰি অঁৰা সেই পোষ্টাৰসমূহক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনত।