অসম

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ অসমতে চলিছে প্ৰতিবাদ। অসমৰ খিলঞ্জীয়া জনগণৰ ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষতিসাধন কৰি অসমীয়া জাতিক নিঃশেষ কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত উত্তৰ শালমাৰা অঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

'কেব আমাক নালাগে, আছে হেংদাং লোৱা নাই, বিজেপি চৰকাৰ গ' বেক, এই সংগ্ৰাম চলিছে চলিব, এই জুই জ্বলিছে জ্বলিবই' আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ হকে সমগ্ৰ অসমবাসীকে ঐক্যবদ্ধ হৈ সংগ্ৰামৰ সংকল্প ল'বলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে। লগতে এই বিধেয়কখন যদি বাতিল নকৰে তেন্তে ইয়াতকৈ আৰু ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলিও তেওঁলোকে হুংকাৰ প্ৰদান কৰে।