অসম

বঙাইগাঁৱত পিষ্টলসহ এন ডি এফ বি (এছ)সদস্যক গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে বঙাইগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাৰ নেতৃত্বত বঙাইগাঁওৰ পালপাৰাৰ এটা ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত এটা দুধৰ্ষ এন ডি এফ বি (এছ) কেডাৰ কৰায়ত্ত কৰা হয়।

কেডাৰজনক চিৰাং জিলাৰ আমগুৰি গাঁওৰ ধ্বজেন নাৰ্জাৰীৰ পুত্ৰ ফিলিমান নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। কেডাৰজনৰ পৰা এটা ৭.৬২ এম এম পিষ্টল, এটা মেগজিন আৰু তিনিজাই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়৷

আৰক্ষী সূত্ৰই জনোৱা মতে ধৃত ফিলিমান কেবাটাও অপৰাধমূলক কাৰ্যৰ লগত জড়িত৷ শেহতীয়াভাৱে বঙাইগাঁওত ধন সংগ্ৰহৰ বাবে বাহৰ পাতিছিল বুলি জনাইছে আৰক্ষীয়ে৷