অসম

বানত ডুবিল বঙাইগাঁও চহৰ

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ ৰাজ্যৰ অধিকাংশ ঠাইয়ে বৰ্তমান পানীৰ তলত। বানপানীৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হৈছে ৰাজ্যবাসী। ইফালে কোনো কোনো ঠাইত পানী শুকালেও নিজৰ ঘৰখন বানৰ বাবে হেৰুৱালে বহু লোকে। যাৰ বাবে বাসস্থানৰ অভাৱত ভুগিছে অসংখ্য লোক।

ইফালে ৰাজ্যৰ আন আন প্ৰান্তৰ লগত সোমবাৰে পুৱাৰ পৰাই আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণে বিপৰ্যয় কঢ়িয়াই আনিছে বঙাইগাঁও চহৰবাসীলৈ৷ বঙাইগাঁও চহৰৰ নলা-নৰ্দমা নিৰ্মাণ সঠিকভাৱে নোহোৱাৰ বাবে পানীৰে উপচি পৰিছে চৌদিশ।

মূলপথো উপচি পৰিছে পানীৰে। মায়াপুৰী তিনিআলীত দেখিবলৈ পোৱা গৈছে সাগৰসদৃশ পৰিৱেশ৷ ফলত প্ৰতিবাদ কৰি ৰাইজে পথচোৱা বন্ধ কৰি দিয়ে৷ বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত বানত আৱদ্ধ লোকক এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কাৰ্য চলাইছে।